প্ৰসংগঃ SCERT কেলেংকাৰী, চিএম ভিজিলেঞ্চত উপস্থিত নিজকে সাংবাদিক বুলি পৰিচয় দিয়া পূজা দাস

SCERT

পুনৰ চিএম ভিজিলেঞ্চত উপস্থিত নিজকে সাংবাদিক বুলি পৰিচয় দিয়া পূজা দাস। SCERT কেলেংকাৰী সন্দৰ্ভত সোধা–পোছা কৰা হ'ব পূজা দাসক। লগতে চিএম ভিজিলেঞ্চে তলব কৰিছে মাইনা শইকীয়া ওৰফে অনুপ শইকীয়াক। পূৰ্বে চিএম ভিজিলেঞ্চৰ জেৰাৰ সন্মুখীন হোৱা ৰবিজিত গগৈৰ বন্ধু মাইনা শইকীয়া। অতি শীঘ্ৰে গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা বহু সংবাদকৰ্মী আৰু RTI কৰ্মী!

SCERTৰ ১০৫ কোটিটকীয়া কেলেংকাৰীৰ মূল অভিযুক্ত শেৱালী দেৱী শৰ্মাই জেৰাত নাম লৈছিল সেইসকলৰ। বৰ্তমান কেন্দ্ৰীয় কাৰাগাৰত আছে শেৱালী দেৱীসহ ৯ অভিযুক্ত।
পূজা দাসে মাতৃৰ একাউণ্টত কেইবালাখ টকা লোৱাৰ তথ্য লাভ কৰিছে চিএম ভিজিলেঞ্চে। SCERTৰ প্ৰাক্তন উপ–সঞ্চালক লক্ষ্মী নাৰায়ণ সোণোৱালে সংবাদকৰ্মী আৰু RTI কৰ্মীক মেনেজ কৰাৰ অভিযোগ।

Category
Profile picture for user UB Photos