এক ঐতিহাসিক দিন! শুভাৰম্ভ হ'ল অসমৰ প্ৰথমখন 'বন্দে ভাৰত এক্সপ্ৰেছ' ৰ।

Bande express

উত্তৰ পূবৰ বাবে আজি এক ঐতিহাসিক দিন। শুভাৰম্ভ হ'ল অসমৰ প্ৰথমখন 'বন্দে ভাৰত এক্সপ্ৰেছ' ৰ। ভাৰ্ছুৱেলী শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। উদ্বোধন কৰিলে নৱনিৰ্মিত ডেমু/মেমু শ্বেড। ভিডিঅ' কনফাৰেন্স যোগে শুভাৰম্ভ কৰিলে মোদীয়ে। গুৱাহাটী-নিউ জলপাইগুৰিৰ মাজত চলিব এই ৰে'লখন।

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব নৱনিৰ্মিত বৈদ্যুতিকৰণ খণ্ড। উৎসৰ্গা কৰিব নিউ বঙাইগাঁও-দুধনৈ-মেন্দিপাথাৰ বৈদ্যুতিকৰণ খণ্ডটো। উৎসৰ্গা কৰিব গুৱাহাটী-চাপৰমুখৰ বৈদ্যুতিকৰণ কৰা ৰে'ল খণ্ডটোও। প্ৰধানমন্ত্ৰীয়ে ভার্চুৱেলি বন্দে ভাৰত এক্সপ্লেছ ৰে'লৰ শুভাৰম্ভণি কৰাৰ উপৰি অসমৰ লামডিঙত নৱনিৰ্মিত ডেমু/মেমু শ্বেড উদ্বোধন কৰাৰ লগতে ১৮২ কিলোমিটাৰ দৈৰ্ঘৰ নতুনকৈ বৈদ্যুতিকৰণ কৰা ৰেল খণ্ডটো ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব।

আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৯১.০৩ কিলোমিটাৰ দৈর্ঘ্যৰ নিউ বঙাইগাঁও-দুধনৈ-মেন্দিপাথাৰ নৱ নিৰ্মিত বৈদ্যুতিকৰণ খণ্ডটো ৰাষ্ট্ৰলৈ উৎসর্গা কৰিব৷ এই খণ্ডটোৰ বৈদ্যুতিকৰণৰ সৈতে বৈদ্যুতিক ট্রেক্সন সহিত মালবাহী আৰু যাত্ৰীবাহী ৰে'ল এতিয়া দেশৰ যিকোনো প্ৰান্তৰ পৰা মেঘালয়ত প্ৰৱেশ কৰিব পাৰিব৷ 

Category
Profile picture for user UB Photos