'Hail The Prince':ক্ৰিকেট জগতে বিচাৰি পালে ক্ৰিকেটৰ পৰৱৰ্তী তাৰকাক !!!  

Shubman

দেশত এতিয়া IPL ৰ জ্বৰ! 28 মে'ত অনুষ্ঠিত হ'ব বহু প্ৰত্যাশিত ফাইনেল। চেন্নাই চুপাৰ কিংছ আৰু গুজৰাট টাইটানছৰ মাজত হব লগা ফাইনেলখনলৈ উৎসুক দেশবাসী। যোৱা কালি হৈ যোৱা কোৱালিফায়াৰ খেলখনত মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰি ফাইনেলত উপনীত হয় গুজৰাট টাইটানছ। উল্লেখ্য যে  গুজৰাট টাইটানছে ২০২২ চনত ভৰি দিছিল IPLত আৰু প্ৰথম বছৰটোতে দখল কৰিছিল IPL ৰ ট্ৰফী। এতিয়া সকলোৰে দৃষ্টি এই নতুন টিমটোত। এই টিমটোতে আছে ভাৰতৰ এগৰাকী প্ৰতিভাৱান নৱ ক্ৰিকেটাৰ। যি ৰেকৰ্ডৰ পিছত ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে। তেখেত আন কোনো নহয় সুদক্ষ খেলুৱৈ শুভমন গীল।

1

কালি হৈ যোৱা খেলখনতো দৰ্শকৰ চকু শুভমন গীলৰ ওপৰতেই আছিল। আইপিএলৰ দ্বিতীয় কোৱালিফায়াৰত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৬০ বলত ১২৯ ৰানৰ বিধ্বংসী ইনিংছ খেলিলে শুভমন গীলে। আইপিএলৰ অন্তিম চাৰিখন মেচত তৃতীয় শতৰান শুভমন গীলৰ। এনে অনবদ্য শতৰান দেখাৰ পিছত গীলক লৈ এতিয়া প্ৰশংসাত পঞ্চমুখ ক্ৰিকেট বিশ্ব। সকলোৱে শুভেচ্ছা জনাইছে ভাৰতীয় তাৰকাগৰাকীক। এইবাৰ আইপিএলত সুন্দৰ ফৰ্মত আছে শুভমন গীল। আইপিএলত এতিয়ালৈ ১৬খন মেচ খেলিছে শুভমনে। ৬০.৭৯ গড়ে ৮৫১ ৰান কৰিছে গুজৰাটৰ তাৰকাগৰাকীয়ে। তিনিটা শতৰান আৰু ৪টা অৰ্ধশতৰান কৰিছে শুভমন গীলে। গীলৰ সৰ্বোচ্চ স্ক'ৰ হৈছে ১২৯। প্ৰতিযোগিতাত এতিয়ালৈ ৭৮টা ৪ আৰু ৩৩টা ছয় কোবাইছে গীলে। এইবাৰৰ আইপিএলত বিশ্ববাসীৰ মন জয় কৰাৰ মাজতেই যোৱা কালি হৈ যোৱা খেলত হৰ্ডিঙত 'Hail The Prince' বুলিও অভিহীত শুভমনক। ক্ৰিকেট জগতে যেন বিচাৰি পালে ক্ৰিকেটৰ পৰৱৰ্তী তাৰকাক! 
 

Category
Profile picture for user UB Photos