পুনৰ অসমীয়াই ৰচিলে ইতিহাস! দুই অসমীয়াই কাঞ্চনজংঘাত উৰুৱালে গামোচা

Assamese

দুই অসমীয়াই ৰচিলে ইতিহাস। দুই অসমীয়া পৰ্বত আৰোহীয়ে তৃতীয় সৰ্বোচ্চ পৰ্বত শৃংগ কাঞ্চনজংঘাত উৰুৱালে ত্ৰিৰংগা আৰু অসমীয়াৰ স্বাভিমানৰ গামোচা ৷ বৃহস্পতিবাৰে পুৱা ৭ বাজি ১৫ মিনিটত দুই অসম সন্তান ভাস্কৰ বৰুৱা আৰু জয়ন্ত নাথে কাঞ্চনজংঘাত উপস্থিত হৈ গামোচা আৰু ত্ৰিৰংগা উৰুৱাই পুনৰ এবাৰ গৌৰৱান্বিত কৰিলে অসমীয়াক। উল্লেখ্য যে, অসম পৰ্বত আৰোহী সংস্থাৰ এই দুই সদস্যই কাঞ্চনজংঘা আৰোহন কৰি উত্তৰ-পূবৰ ভিতৰতে ইতিহাস ৰচিবলৈ সক্ষম হ'ল৷ ইয়াৰ পূৰ্বে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা কোনো লোকে কাঞ্চনজংঘা আৰোহন কৰা নাই ৷ অসম সন্তানৰ এই সফলতাত এতিয়া গৌৰাৱান্বিত অসমীয়া। 

Category