১ লাখ নিযুক্তিৰ দিশত আৰু এখোজ চৰকাৰৰ। কাইলৈ চৰকাৰে নিযুক্তি পত্ৰ প্ৰদান কৰিব ৪৪,৭০৩ গৰাকী প্ৰাৰ্থীক। খানাপাৰা পশু চিকিৎসা খেলপথাৰত গৃহ মন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত প্ৰদান কৰা হব নিযুক্তি পত্ৰ। নিযুক্তি পত্ৰ প্ৰদান কৰিব অমিত শ্বাহ আৰু মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সকলো নিযুক্তি প্ৰাপ্ত সকলৰ বাবে ৰখা হৈছে সুবিধা। বিশেষ ভাৱে সক্ষম নিযুক্তি প্ৰাপ্ত সকলৰ সুবিধাথে ৰখা হৈছে বিশেষ সুবিধা। উল্লেখ্য যে অহা জুলাই মাহত পুনৰ ২২০০০ চাকৰিৰ বাবে প্ৰকাশ পাব বিজ্ঞাপন।
Category
- Log in to post comments