আত্মসমৰ্পণ আজগৰ আলীৰ, আনন্দ মিশ্ৰৰ ওচৰত হাৰ মানিলে আজগৰে!!!

Ajgar Ali

লখিমপুৰত আনন্দ মিশ্ৰৰ আগমনে কঁপনিৰ সৃষ্টি তুলিছে অপৰাধীৰ মনত। ইজনৰ পিছত সিজন অপৰাধীয়ে আত্মসমৰ্পণ কৰিছে আনন্দ মিশ্ৰৰ সন্মুখত। আত্মসমৰ্পণ কৰিলে জোনমণি ৰাভাৰ ঘটনাত নাম সাঙোৰ খোৱা আজগৰ আলীয়েও। উত্তৰ লখিমপুৰ সদৰ থানাত আত্মসমৰ্পণ আজগৰ আলীৰ। নকল সোণৰ সৈতে ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে আনন্দ মিশ্ৰৰ ভয়ত ওলাই আহিল আজগৰ। এইজন আজগৰ আলীকেই আটক কৰি নিছিল জোনমণি ৰাভাই। পিছত আজগৰৰ মাতৃয়ে জোনমণি ৰাভাৰ বিৰুদ্ধে দিছিল গোচৰ। আজিৰ দিনটোতে এতিয়ালৈ আজগৰ আলীসহ মুঠ ১০জনে আত্মসমৰ্পণ কৰে আৰক্ষীৰ ওচৰত।

সংবাদ মাধ্যমৰ আগত আজগৰ আলীয়ে কয়, "ছাৰে কৈছে আহিব লাগে। মোৰ ভিডিঅ' ভাইৰেল হৈ আছে কাৰণে মই আহিলো। ছাৰে ভাবিব পাৰে যে নিশ্চয় আজগৰ আলীও জড়িত আছে। মোৰ তিনি চাৰি বছৰ আগৰ ভিডিঅ' ভাইৰেল কৰি আছে।" লগতে আজগৰ আলীয়ে কয়-"মই এই কাম নাই কৰা বুলি কোৱা নাই। ভিডিঅ'টো যেতিয়া বনাইছে, আবু ছহিদ কটিয়াই ঘৰৰ পৰা লৈ যাই এই কাম কৰাইছে। আবু চহিদে মোৰ ভিডিঅ' বনাইছে।"

উল্লেখ্য যে লখিমপুৰত প্ৰৱেশ কৰাৰ পিছতেই আনন্দ মিশ্ৰই অপৰাধীৰ বিৰুদ্ধে চলাইছে তীব্ৰ অভিযান। 

Category
Profile picture for user UB Photos