মৰ্মান্তিক! মেট্ৰিক পৰীক্ষাত ফেইল হোৱাৰ বাবেই ছাত্ৰীৰ আত্মহত্যা।

HSLC

আজি ঘোষণা কৰা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। ৰাজ্যৰ চৌদিশে উখল-মাখল পৰিৱেশ। কিন্তু ইয়াৰ মাজতেই মৰিয়নীত ঘটিল মৰ্মান্তিক ঘটনা। হাইস্কুল শিক্ষান্ত পৰীক্ষাত অকৃতকাৰ্য হোৱা বাবেই এগৰাকী ছাত্ৰীয়ে কৰিলে আত্মহত্যা ৷ মৰিয়নী ৫ নং ৱাৰ্ড নিৱাসী বলো গগৈৰ কন্যা মৰিয়নী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ  ছাত্ৰী পূৰ্ণিমা গগৈয়ে  আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ফলাফল বেয়া হোৱাৰ বাবেই আত্মহত্যাৰ পথ বাচি লয় । ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। ছাত্ৰী গৰাকীৰ বিয়োগত অঞ্চলজুৰি পৰিছে শোকৰ ছাঁ। 

Category