ঘোষণা হ'ল ডাঃ সৰিতা তছনিৱাল হত্যাকাণ্ডৰ দোষীৰ শাস্তি

Sarita Tasniwal

ডাঃ সৰিতা তছনিৱালৰ হত্যাকাণ্ডৰ দোষীৰ শাস্তিৰ ঘোষণা। দোষী সাব্যস্ত হোৱা কিৰো মেছক দিয়া হ'ল যাৱজ্জীৱন কাৰাদণ্ড। ডিব্ৰুগড় সত্ৰ ন্যায়াধীশৰ আদালতে ঘোষণা কৰিলে দোষীৰ শাস্তি।

উল্লেখ্য যে বুধবাৰে ডাঃ সৰিতা তছনিৱাল হত্যাকাণ্ডৰ চূড়ান্ত ৰায় দিয়ে ডিব্ৰুগড় সত্ৰ ন্যায়াধীশৰ আদালতে। প্ৰায় ৯ বছৰৰ পিছত এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ চূড়ান্ত ৰায় দিয়ে আদালতে। ৱাৰ্ড বয় কিৰো মেছক এই ঘটনাত দোষী সাব্যস্ত কৰে আৰু ডাঃ দীপমণি শইকীয়াক দোষমুক্ত ঘোষণা কৰে। ২০১৪ চনৰ ৯ মে’ত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ হত্যাকাণ্ড। AMCHৰ ICU কক্ষত হত্যা কৰা হৈছিল ডাঃ সৰিতা তছনিৱালক।

Category