আজি ডিব্ৰুগড় সত্ৰ ন্যায়াধীশৰ আদালতে ঘোষণা কৰিব ডাঃ সৰিতা তছনিৱাল হত্যাকাণ্ডৰ দোষীৰ শাস্তি। বুধবাৰে এই ঘটনাৰ চূড়ান্ত ৰায় দিছিল আদালতে। আদালতে ডাঃ দীপমণি শইকীয়াক দোষমুক্ত ঘোষণা কৰাৰ লগতে দোষী সাব্যস্ত কৰে অভিযুক্ত ৱাৰ্ড বয় কিৰো মেছক।
উল্লেখ্য যে বুধবাৰে ডাঃ সৰিতা তছনিৱাল হত্যাকাণ্ডৰ চূড়ান্ত ৰায় দিয়ে ডিব্ৰুগড় সত্ৰ ন্যায়াধীশৰ আদালতে। ৮ বছৰ পিছত এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ চূড়ান্ত ৰায় দিয়ে আদালতে। ৱাৰ্ড বয় কিৰো মেছক এই ঘটনাত দোষী সাব্যস্ত কৰা হয়। আৰু দোষমুক্ত ঘোষণা কৰে ডাঃ দীপমণি শইকীয়াক। ২০১৪ চনৰ ৯ মে’ত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ হত্যাকাণ্ড। AMCHৰ ICU কক্ষত হত্যা কৰা হৈছিল ডাঃ সৰিতা তছনিৱালক।
- Log in to post comments