ৰহস্যৰ আৱৰ্তত SI জোনমণি ৰাভাৰ মৃত্যু! কলিয়াবৰত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই জোনমণিয়ে।
জোনমণিৰ মৃত্যুত বহু প্ৰশ্নৰ উদ্ভৱ হৈছে। মৃত্যুৰ পূ্ৰ্বে এগৰাকী মহিলাই জোনমণি ৰাভাৰ বিৰুদ্ধে তৰিছিল গোচৰ।
সোমবাৰে নিশা ৯ বজাত লখিমপুৰ সদৰ থানাত জোনমণিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল।
গোচৰ দিছিল আমিনা খাতুন নামৰ এগৰাকী মহিলা এগৰাকীয়ে।
আজগৰ আলী নামৰ এজন ব্যক্তিৰ মাতৃয়ে দিছিল এজাহাৰ। বিনা কাৰণত জোনমণি ৰাভাই পৰিয়ালটোক শাৰীৰিক-মানসিক আতিশয্য চলোৱাৰ অভিযোগ দিছিল মহিলা গৰাকীয়ে।
আজগৰ আলীৰ পত্নীৰ পৰা নগদ ৮০,০০০ টকা সহ পাৰ্চ, ভোটাৰ পৰিচয় পত্ৰ, পান কাৰ্ড, সোনৰ কানফুলি আদি বলপূ্ৰ্বকভাৱে কাঢ়ি লৈ যায়। অৱশ্যে এই গোচৰৰ সত্যাসত্য কিমান এই কথা পোহৰলৈ অহা নাই।
- Log in to post comments