কৰ্ণাটকত ক্ষমতাচ্যুত হোৱাৰ দিশে বিজেপি! চমকপদ প্ৰদৰ্শনেৰে কংগ্ৰেছৰ অগ্ৰগতি

Modi

আজি কৰ্ণাটক নিৰ্বাচনৰ ফলাফলৰ দিন।  ২২৪টা বিধানসভা সমষ্টিৰ বাবে অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ। উল্লেখনীয় বিষয় যে কৰ্ণাটকত চমকপদ প্ৰদৰ্শনেৰে অগ্ৰগতি লাভ কৰিছে কংগ্ৰেছে। ইতিমধ্যে দিল্লীৰ AICCৰ মুখ্য কাৰ্যালয়ত বিজয় উল্লাস আৰম্ভ কৰিছে কংগ্ৰেছে। গুৱাহাটীৰ ৰাজীৱ ভৱনতো কংগ্ৰেছ কৰ্মীৰ উল্লাস। এই ফলাফল ভাৰত জোড়ো যাত্ৰাৰ সুফল বুলি দাবী কংগ্ৰেছৰ। সকলো বিজয়ী নেতাক বাংগালুৰুত হাজিৰৰ নিৰ্দেশ। ফলাফলৰ পিছতে হাজিৰ হোৱাৰ নিৰ্দেশ কংগ্ৰেছৰ। ইফালে জৰুৰী বৈঠকৰ আহ্বান JD (S) নেতা এইচ ডি কুমাৰাস্বামীৰ। JD(S)এ ল'ব পাৰে নিৰ্ণায়ক ভূমিকা। শেষ মূহূৰ্তত সলনি হ'ব পাৰে দৃশ্যপট। কিংমেকাৰ হোৱাৰ সপোন JD(S)ৰ। কাৰো লগত মিত্ৰতা কৰাত আপত্তি নাই JD(S)ৰ। 

Category