ফুচকা বিক্ৰী কৰা যশস্বী জয়ছৱালে গঢ়িলে অভিলেখ। গোহালিত থকাৰে পৰা ক্ৰিকেট খেলপথাৰত শোৱালৈকে জানো আহক যশস্বীৰ সংগ্ৰামৰ কাহিনী।

Yasashree

আই পি এলত জিলিকিছে এজন ২১ বছৰীয়া যুৱক। ১১ মে'ত কলকাতা নাইট ৰাইৰ্ডাছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত হোৱা খেল খনত মাত্ৰ ১৩ টা বলতে ৫০ ৰাণ কৰি অভিলেখ গঢ়া এইজন যুৱক হৈছে যশস্বী জয়ছৱাল। মাত্ৰ ১৩ বছৰ বয়সতে মুম্বাইলৈ আহিছিল, তেওঁৰ সপোন আছিল বিশ্বমানৰ বেটছমেন হোৱাৰ আৰু সেই নীলা ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্চি পিন্ধাৰ। বহু ঘাত-প্ৰতিঘাত,কঠোৰ সংগ্ৰামৰ মাজত এই পৰ্যায়ত উপনীত হৈছেহি যশস্বী জয়ছৱাল। পানী-পুৰী বিক্ৰীৰ পৰা ভাৰতীয়া ক্ৰিকেটত অভিলেখ স্থাপন কৰালৈকে চাও আহক যশস্বী জয়ছৱালৰ জীৱন সংগ্ৰামৰ কাহিনী। 

1

উত্তৰ প্ৰদেশৰ এক দৰিদ্ৰ পৰিয়ালত  জন্মগ্ৰহণ কৰা যশস্বী জয়ছৱালে ককাকৰ লগত থাকিব লগা হৈছিল যদিও অতি সোনকালেই তেওঁ সেই ঠাইৰ পৰা আঁতৰি যাব লগা হৈছিল। যশস্বীৰ দেউতাকে তাক এক চৰ্ততহে গৰুৰ গোহালিত(Cow barn)থকাৰ ব্যৱস্থা কৰিলে, যদিহে সি গাখীৰ বিক্ৰী কৰা মানুহ জনক কামত সহায় কৰিব পাৰে। তাতো যশস্বীয়ে কষ্টত দিন কটাব লগীয়া হৈছিল। গোহালিত শুবৰ বাবে উপযুক্ত বিচনা নাছিল, উপযুক্ত খাদ্যৰ সুবিধা নাছিল, আনকি উপযুক্ত শৌচাগাৰও নাছিল। যশস্বী ৰাতিপুৱা ৫ বজাতেই গাখীৰ খোৱা মানুহজনক কামত সহায় কৰিবৰ বাবে উঠিব লগা হৈছিল। ইয়াৰ পিছত তেওঁ দৈনিক ক্ৰিকেট অনুশীলনৰ বাবে আজাদ ময়দান ক্ৰিকেট খেলপথাৰৰ চাৰ্চ গেটলৈ গৈছিল।

এদিন যশস্বী জয়ছৱাল অনুশীলনৰ পৰা উভতি আহি দেখে যে গাখীৰ বিক্ৰী কৰা মানুহজনে নিজৰ ক্ৰিকেটৰ কিটটো বাহিৰলৈ পেলাই দিছে, আৰু তেওঁক সেই ঠাই এৰি যাবলৈ আদেশ দিয়ে কাৰণ যশস্বীৰ পৰা তেওঁ বেছি পৰিমাণৰ সহায় লাভ কৰা নাই। নতুন চহৰ এখনত ক'লৈকো যাব নোৱাৰাৰ বাবে তেওঁ শুইছিল আজাদ ময়দান ক্ৰিকেট খেলপথাৰত। পথ প্ৰদৰ্শক কোনো নথকাৰ বাবে তেওঁ আত্মপ্ৰশ্ন কৰিবলৈ ধৰিলে।

এদিন জয়ছৱালৰ প্ৰশিক্ষকে তেওঁক এটা অফাৰ দিলে- যদি তেওঁ ভাল প্ৰদৰ্শন কৰে তেন্তে আজাদ ময়দান ক্ৰিকেট খেলপথাৰৰ কোনোবা এটা টেণ্টত থাকিব পাৰিব যশস্বী। যশস্বী জয়ছৱালে কঠোৰ পৰিশ্ৰম কৰি ভাল প্ৰদৰ্শন কৰিছিল, আৰু তেতিয়াৰ পৰা তেওঁ তম্বুতে থাকিবলৈ আৰম্ভ কৰিলে। তাতো অৱস্থা শোচনীয় আছিল – লাইট বা শৌচাগাৰ নথকাৰ বাবে তেওঁ ৰাজহুৱা শৌচাগাৰত প্ৰৱেশ কৰিবলৈ আধা কিলোমিটাৰ যাত্ৰা কৰিবলগীয়া হৈছিল। 

পইচা নোহোৱাকৈ যশস্বী জয়ছৱালে খেলপথাৰত পানী-পুৰী বিক্ৰী কৰিবলৈ ধৰিলে। তেওঁ নিজৰ অনুশীলন অব্যাহত ৰাখি ভাৰতৰ হৈ খেলাৰ সপোন জীয়াই ৰাখিবলৈ পানী-পুৰী বিক্ৰী কৰিছিল। 

এদিন যশস্বী খেলি থাকোতে জ্ৱালা সিং নামৰ এজন প্ৰশিক্ষকে তেওঁক বেটিং কৰা দেখিলে। যুৱকজনৰ প্ৰতিভা আৰু ইচ্ছাশক্তিত আপ্লুত হৈ তেওঁ যশস্বী জয়ছৱালক বিনামূলীয়াকৈ নিজৰ নিৰ্দেশনাত লৈ যায়। তেওঁ যশস্বীক নিজৰ ঘৰত থাকিবলৈ ব্যৱস্থা কৰি দিছিল আৰু তেওঁৰ পুষ্টি আৰু কাপোৰৰ সম্পূৰ্ণ দায়িত্বও লৈছিল প্ৰশিক্ষক গৰাকী। আৰু জয়ছোৱালৰ বাবে তেওঁ হৈ পৰিল ভগৱান।

2

এই সকলোবোৰ অসুবিধা আৰু সংগ্ৰামৰ সন্মুখীন হোৱাৰ পিছতো তেওঁ কেতিয়াও সেইবোৰে নিজৰ মনোবলত প্ৰভাৱ পেলাবলৈ নিদিলে। যশস্বীয়ে কঠোৰ পৰিশ্ৰম কৰি আৰু অধিক কষ্ট কৰি খেলি থাকিল।
১৭ বছৰ বয়সত যশস্বী জয়ছৱালে মুম্বাই ক্ৰিকেট দলৰ হৈ খেলিবলৈ নিৰ্বাচিত হয়। সেইদিনাৰ পৰা যশস্বীলৈ পিছলৈ ঘূৰি চোৱা নাছিল। তেওঁ ৰঞ্জী ট্ৰফীত দ্বৈত শতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হ'বলৈ গৈছিল।

তেওঁৰ সুন্দৰ প্ৰদৰ্শনৰ পিছত যশস্বী জয়ছৱালে তেওঁৰ সপোনৰ আটাইতকৈ প্ৰত্যাশিত ফোনকলটি লাভ কৰে, ভাৰতৰ ১৯ বছৰ অনুৰ্দ্ধ ক্ৰিকেট দলত নিৰ্বাচিত হোৱাৰ বাবে বিচিচিআইৰ পৰা ফোনকলটি লাভ কৰে যশস্বীয়ে।

প্ৰথম দুখন খেলত তেওঁৰ স্ক'ৰ অতি কম আছিল (১৫ আৰু ১) যদিও ফাইনেলৰ পূৰ্বে তেওঁক বাদ দিয়া হৈছিল। কিন্তু পিছত তেওঁ ফাইনেলত নিৰ্বাচিত হয় আৰু যাদু আৰম্ভ হয়, যশস্বী জয়ছৱালে ১১৪ ৰানত অসাধাৰণ প্ৰৰ্দশন দেখুৱায়।

১৯ বছৰ অনুৰ্দ্ধ বিশ্বকাপ দলৰ বাবে প্ৰথম ড্ৰাফটত নিৰ্বাচিত হৈছিল। আৰু তেওঁ আগবাঢ়ি গৈ দেখুৱাই দিলে যে তেওঁ কিয় ভাৰতীয় ক্ৰিকেট দলত থকাৰ যোগ্য।

তেওঁৰ স্ক'ৰ টেলি ৮৮, ১০৫, ৬২, ৫৭, ২৯*, ৫৯ হিচাপে গণ্য কৰা হৈছিল। তেওঁ সেই প্ৰতিযোগিতাখনৰ সৰ্বাধিক ৰান লাভ কৰা খেলুৱৈ হ'বলৈ গৈছিল। এই  প্ৰৰ্দশনৰ বাবে যশস্বী জয়ছৱালক ‘মেন অৱ দ্য টুৰ্ণামেণ্ট’ বঁটা প্ৰদান কৰা হয়। যদিও ফাইনেলত বাংলাদেশৰ হাতত ভাৰত পৰাস্ত হৈছিল। কিন্তু এই কথা অস্বীকাৰ কৰিব নোৱাৰি যে তেওঁ আছিল বিশ্বকাপৰ ফাইনেললৈ ভাৰতৰ সপোনৰ দৌৰৰ অন্যতম কাৰণ। 

১৯ বছৰ অনুৰ্দ্ধৰ ফৰ্মেটত তেওঁৰ উজ্জ্বল প্ৰদৰ্শনৰ পিছত স্পষ্ট হৈ পৰিছিল যে আই পি এলৰ বাবে নিৰ্বাচিত হ'ব যশস্বী। আৰু আই পি এলৰ নিলামত নিশ্চিতভাৱে বাছি লোৱা হ'ব৷
২০২০ চনত আই পি এল নিলামত ৰাজস্থান ৰয়েলছে তেওঁক ২.৪০ কোটি টকাৰ আচৰিত মূল্যত ক্ৰয় কৰিছিল। তাৰ পাছত তেওঁ দলটোৰ হৈ মুঠ ১৩খন মেচ খেলি ২৮৯ ৰান সংগ্ৰহ কৰে।

কিন্ত চলিত বছৰৰ আই পি এলত অদ্ভুত প্ৰদৰ্শনেৰে দশৰ্কৰ মন জয় কৰিছে যশস্বীয়ে। কলকাতাৰ বিৰুদ্ধে মাত্ৰ ১৩ টা বলত ৫০ ৰাণ কৰি আই পি এলত দ্ৰুততম গতিত ৰাণ সংগ্ৰহ কৰাৰ ৰেকৰ্ড কৰিলে যশস্বীয়ে। যশস্বী জয়ছৱালৰ এই সফলতাত প্ৰাক্তন খেলুৱৈৰ লগতে বৰ্তমানৰ খেলুৱৈ সকলেও কৰিছে প্ৰশংসা।

Category