২০২১ চনৰ আজিৰ দিনটোতেই শেষ নিশ্বাস ত্যাগ কৰিছিল বৰেণ্য সাহিত্যিক-সাংবাদিক হোমেন বৰগোহাঞি দেৱে। সাহিত্যিক গৰাকীয়ে অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনত যথেষ্ট অৱদান দি গৈছে। ১৯৩২ৰ ৭ ডিচেম্বৰত ঢকুৱাখনাৰ বালিগাঁৱত জন্ম হৈছিল বৰগোহাঞিৰ। ১৯৫০ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল তেখেত। ১৯৫২ চনত ISC পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল তেওঁ। ১৯৫৪ত ইংৰাজীত স্নাতক ডিগ্ৰী লাভ কৰিছিল সাহিত্যিকগৰাকীয়ে। 'বিভিন্ন কোৰাছ', 'ভূবালা', 'তান্ত্ৰিক', 'হালধীয়া চৰায়ে বাওধান খায়', 'পিতা–পুত্ৰ', 'সাউদৰ পুতেকে নাও মেলি যায়' আদি কেইবাখনো উপন্যাস তেওঁ ৰচনা কৰিছিল। অসমীয়া সাহিত্যত শতাধিক গ্ৰন্থ ৰচনা কৰাৰ লগতে প্ৰবন্ধ সংকলন, উপন্যাস, কবিতাপুথি, আত্মজীৱনীও তেওঁ লিখি থৈ গৈছিল। অসমীয়া সাহিত্যলৈ তেওঁৰ অৱদান আছিল অনন্য। দ্বিতীয় মৃত্যু বাৰ্ষিকীত বৰেণ্য সাহিত্যিক গৰাকীক গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছে অসমবাসীয়ে।
- Log in to post comments