ডিজিটেল যোগে দৰ্শক তথা পঢ়ুৱৈৰ বাবে উপলব্ধ হ'ব দুৰ্লভ গ্ৰন্থ তথা ৰচনৱালী। প্ৰকাশ পাব ১৩০বছৰীয়া পুৰণি অসমীয়া আলোচনী- গ্ৰন্থৰ ডিজিটেল সংস্কৰণ। উনবিংশ শতিকাৰ প্ৰথমাৰ্ধৰ পৰা বিংশ শতিকাৰ মাজভাগলৈ ৰচনা তথা প্ৰকাশ পোৱা গ্ৰন্থ আলোচনীক অন্য এক ৰূপ দিয়াৰ চেষ্টা। চন হিচাপত ১৮১৩ৰ পৰা ১৯৭০চনৰ কালচোৱাত ৰচনা তথা প্ৰকাশ হৈছিল এই গ্ৰন্থ তথা আলোচনী সমূহ। অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰু আৰ্থ সামাজিক ন্যাস আৰু নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ যুতীয়া উদ্যোগত এই প্ৰচেষ্টা। মুখ্যমন্ত্ৰীয়ে জনতা ভৱনত উন্মোচন কৰিব 'Digitising অসম'। www.assamarchive.org ৱেবছাইটত উপলব্ধ হ'ব গ্ৰন্থসমূহ।
- Log in to post comments