'মোক বচাওক মোক বচাওক, মই একো কৰা নাই! মোক আৰক্ষীয়ে ফচাইছে'- চিঞৰি চিঞৰি ক'লে ডাঃ সংগীতাই

Sangeeta Dutta

ন ন কল্যা অধ্যায় খোল খাইছে মহানগৰীৰ শিশু নিৰ্যাতন কাণ্ডৰ। আৰক্ষীৰ জিম্মাত আছে চিকিৎসক দম্পতি ডাঃ ৱালিউল ইছলাম আৰু ডাঃ সংগীতা দত্ত। এতিয়াও অনুশোচনাত ভুগা নাই সংগীতা! DNA Test কৰিবলৈ নিওঁতে সংগীতা দত্তৰ বিস্ফোৰক ভাষ্য। দত্তই চিঞৰি চিঞৰি কয়- 'মোক বচাওক মোক বচাওক, মই একো কৰা নাই। কাম কৰা মানু্হ কিনি লৈছে। আৰক্ষীৰ লোকে মোক ফচাইছে'। উল্লেখ্য যে সংগীতা দত্তৰ আন এগৰাকী ব্যক্তিগত সহায়িকা পলাতক। সহায়িকা গৰাকীক বিচাৰি আৰক্ষীয়ে চলাই আছে অভিযান। আনহাতে পুনৰ ৫ দিনৰ আৰক্ষীৰ জিম্মাত প্ৰদান চিকিৎসক ডাঃ ৱালিউল ইছলামক। 

Category