হিংসা আৰু অপৰাধে জোকাৰিছে অসমক।এইবাৰ মৰিগাঁওৰ বৰালিমাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এজন যুৱকৰ গুপ্তাংগ কাটিলে এগৰাকী মহিলাই। জানিব পৰা মতে দৰঙৰ পৰা বেজালি কৰিবলৈ যুৱকজন আহিছিল মৰিগাঁৱৰ বৰলামাৰিত। সন্তানহীন দম্পতিৰ চিকিৎসাৰ বাবে বেজালি কৰিবলৈ আহিছিল দৰঙৰ ধুলাৰ ওচমান আলী নামৰ যুৱকজন। এগৰাকী মহিলাক বেজালি কৰাৰ চলেৰে মহিলা গৰাকীৰ লগত অসৎ কাৰ্য্য কৰাৰ অভিযোগত বেজৰূপী দৰঙৰ ওচমান আলীৰ গুপ্তাংগ কাতি দিয়ে মহিলা গৰাকীয়ে ।
ততাতৈয়াকৈ যুৱকজনক মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে যুৱক জনক। কিন্তু ভুক্তভোগী যুৱকজনে মহিলা গৰাকীৰ লগত অসৎ কাৰ্য চৰিত্ৰাৰ্থ কৰাৰ অভিযোগ খণ্ডন কৰি তেওঁক কেৱল ধনৰ বাবে কেইজনমান ব্যক্তিয়ে পৰিকল্পিত ভাৱে এনে কাৰ্য সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে। সামাজিক মাধ্যমত এতিয়া ভাইৰেল হৈ পৰিছে এই দৃশ্য। মহিলা গৰাকীৰ এই কাৰ্যত প্ৰায় সংখ্যক লোকেই শলাগিছে তেখেতক।
- Log in to post comments