মাৰ্ঘেৰিটাৰ নাবালিকা ধৰ্ষণক লৈ আজিও অব্যাহত উত্তেজনা। অভিযুক্তৰ দুই পুত্ৰ এতিয়াও পলাতক। গ্ৰেপ্তাৰ কৰা হৈছিল আনন তাঁতীৰ পত্নীক। POCSO আইনৰ অধীনত ৰুজু কৰা হৈছে গোচৰ। দুদিনৰ আৰক্ষীৰ জিম্মাত গংগা তাঁতী। শেহতীয়াকৈ প্ৰকাশ পাইছে আনন তাঁতীৰ বিস্ফোৰক স্বীকাৰোক্তি। আৰক্ষীৰ এনকাউণ্টাৰৰ পিছতেই মুখ খুলিছে আনন তাঁতীয়ে
। হত্যাকাণ্ডৰ শিহৰণকাৰী বৰ্ণনা আনন তাঁতীৰ। দুই সহযোগীৰ দুষ্কাৰ্য সন্দৰ্ভত সৱিশেষ ক'লে অভিযুক্ত তাঁতীয়ে। তাঁতীয়ে জনোৱা মতে- ১২ বছৰীয়া কিশোৰী গৰাকীক ধৰ্ষণ কৰা নাছিল তেখেতে। দুই পুত্ৰই প্ৰাণৰ ভাবুকি দিয়াত কিশোৰী গৰাকীক মাৰি কাপোৰেৰে বান্ধি টেংকিত পেলাই দিছিল কিশোৰী গৰাকীৰ মৃতদেহ। আনন তাঁতীৰ এই বিস্ফোৰক তথ্যৰ পিছতে অধিক তৎপৰ হৈ পৰিছে আৰক্ষী।
- Log in to post comments