নিৰ্যাতিত কণমানিৰ স্বাস্থ্য পৰীক্ষাত ওলাল ভয়ংকৰ তথ্য! দৃশ্য দেখি খোদ চিকিৎসকৰে কঁপি উঠিল বুকু।

Harassment

ৰাজ্য জোকাৰিছে মহানগৰীৰ শিশু নিৰ্যাতনৰ ঘটনাই। চৰ্চালৈ আহিছে চিকিৎসক দম্পত্তীৰ ভয়ংকৰ নিৰ্যাতন। ডাঃ ৱাল্লিউল ইছলাম, ডাঃ সংগীতা দত্তৰ বিৰুদ্ধে অভিযোগ। চাঁদত বান্ধি নিৰ্যাতন চলাইছিল তিনিবছৰীয়া তোলনীয়া কন্যাক। শেহতীয়াকৈ কণমানিজনীৰ স্বাস্থ্য পৰীক্ষাত ভয়ংকৰ তথ্য। কণমানিজনীৰ নিম্নাংশত জুইৰ পোৰা চিন। এই দৃশ্য দেখি কঁপি উঠিছে চিকিৎসকৰো বুকু। অতি নিৰ্মমভাৱে অত্যাচাৰ চলোৱা হৈছিল কণমানিজনীক। উল্লেখ্য যে ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে চিকিৎসক ৱাল্লিউল ইছলামক। এইপৰ্যন্ত আটক হোৱা নাই ডাঃ সংগীতা দত্ত। 


 

Category