বিত্ত মন্ত্ৰালয়ে ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ অধীনত এই নিয়ম অধিসূচনা কৰিছে, যি নিয়ম শিশুৰ লগতে বয়োজ্যেষ্ঠৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব। বিত্ত মন্ত্ৰালয়ে স্পষ্ট কৰিছে যে এতিয়া যি ব্যক্তিৰ হাতত পান আৰু আধাৰ কাৰ্ড নাই সেই ব্যক্তিয়ে চৰকাৰৰ ক্ষুদ্ৰ সঞ্চয় আঁচনি সমূহত বিনিয়োগ কৰিব নোৱাৰিব। দুয়োখন নথি KYC ত ব্যৱহাৰ কৰা হ'ব। চৰকাৰে জাৰি কৰা অধিসূচনাৰ বিশেষ কথাটো হ'ল শিশুৱে বা শিশুৰ নামত খোলা সৰু সৰু সঞ্চয় আঁচনিৰ একাউণ্টৰ ক্ষেত্ৰতো আধাৰ বাধ্যতামূলক কৰা হৈছে।
ৰাষ্ট্ৰীয় সঞ্চয় আঁচনিৰ অধীনত ক্ষুদ্ৰ সঞ্চয় আঁচনি যেনে পি পি এফ, এছ চি এছ এছ, ৰাষ্ট্ৰীয় সঞ্চয়ৰ প্ৰমাণপত্ৰ, মাহেকীয়া আয় আঁচনি, সুকন্যা সমৃদ্ধি একাউণ্ট, কিষাণ বিকাশ পত্ৰ, ডাকঘৰৰ এফ ডি আৰু পুনৰাবৃত্তিমূলক জমা আঁচনিসমূহ ডাক বিভাগ, ৰাজহুৱা খণ্ডৰ বেংক আৰু কিছুমান অনুমোদিত ব্যক্তিগত খণ্ডৰ দ্বাৰা পৰিচালিত হয় ।
শিশুৰ বাবে আধাৰৰ নিয়ম-
২০২৩ চনৰ ৩১ মাৰ্চত জাৰি কৰা অধিসূচনা অনুসৰি শিশুৰ ক্ষুদ্ৰ চেভিংছ একাউণ্টৰ বাবে আধাৰ নম্বৰ বা আধাৰ অধিসূচনা থকাৰ প্ৰমাণ বাধ্যতামূলক হ'ব। অধিসূচনা অনুসৰি আঁচনিৰ অধীনত সুবিধা লাভ কৰিবলৈ ইচ্ছুক শিশুৱে আধাৰ নম্বৰ বা আধাৰ প্ৰমাণীকৰণৰ প্ৰমাণ দিব লাগিব।
আঁচনিৰ সুবিধা লোৱা শিশুসকলে,যিসকলৰ আধাৰ নম্বৰ নাই বা এতিয়াও আধাৰত নামভৰ্তি কৰা নাই, তেওঁলোকে আধাৰ নামভৰ্তিৰ বাবে আবেদন কৰিব লাগিব। আধাৰ নামভৰ্তিৰ বাবে পঞ্জীয়ন কৰাৰ আগতে তেওঁৰ পিতৃ-মাতৃ বা অভিভাৱকৰ সন্মতি প্ৰয়োজনীয় হ'ব।
১০ বছৰৰ ওপৰৰ শিশুৱে ডাকঘৰৰ ক্ষুদ্ৰ সঞ্চয় আঁচনি যেনে সঞ্চয় একাউণ্ট, ৰাষ্ট্ৰীয় সঞ্চয় পুনৰাবৃত্তিমূলক জমা, ৰাষ্ট্ৰীয় সঞ্চয় নিৰ্দিষ্ট জমা, মাহেকীয়া আয় আঁচনি, ৰাষ্ট্ৰীয় সঞ্চয়ৰ প্ৰমাণ পত্ৰ আৰু কিষাণ বিকাশ পাত্ৰ আদিত একাউণ্ট খুলিব পাৰিব। নাবালকৰ নামত অভিভাৱক/পিতৃ-মাতৃয়ে পি পি এফ একাউণ্ট খুলিব পাৰিব আনহাতে সুকন্যা সমৃদ্ধি একাউণ্ট ১০ বছৰৰ তলৰ কন্যা সন্তানৰ নামত অভিভাৱক/পিতৃ-মাতৃয়ে খুলিব পাৰিব।
বয়োজ্যেষ্ঠসকলৰ বাবে আধাৰৰ নিয়ম-
ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ অধীনত বয়োজ্যেষ্ঠ আৰু জ্যেষ্ঠ নাগৰিকসকলে সুবিধা লাভ কৰিবলৈও আধাৰ বাধ্যতামূলক হৈ পৰিছে। অধিসূচনা অনুসৰি এই আঁচনিৰ অধীনত সুবিধাসমূহ লাভ কৰিবলৈ যোগ্য ব্যক্তিয়ে আধাৰ নম্বৰ থকা বা আধাৰ প্ৰমাণীকৰণৰ প্ৰমাণ দিব লাগিব।
আনহাতে, যিকোনো ব্যক্তিৰ আধাৰ নথকা বা এতিয়াও আধাৰ নামভৰ্তি কৰা নাই, আঁচনিৰ বাবে পঞ্জীয়ন কৰাৰ পূৰ্বে আধাৰ নামভৰ্তিৰ বাবে আবেদন কৰিব লাগিব। যদিহে তেওঁ আধাৰ লাভ কৰাৰ অধিকাৰী।
- Log in to post comments