অন কেমেৰা চিকিৎসলয়তে চিকিৎসকক ধমক উপায়ুক্তৰ।একচন মুদত কামৰূপ জিলা উপায়ুক্ত কীৰ্তি জল্লী।শিঙিমাৰীত আদৰ্শ চিকিৎসালয়ত অতিৰিক্ত বিনামূলীয়া কিডনী ডায়েলাইচিছ সেৱা মুকলি কৰিবলৈ গৈ চিকিৎসকক ধমক উপায়ুক্তৰ। সেৱা কেন্দ্ৰটো মুকলি কৰে কামৰূপ উপায়ুক্ত কীৰ্তি জল্লীয়ে । সম্পূৰ্ন বিনামূলীয়াকৈ এই সেৱা ৰোগী সকলে লাভ কৰিব পাৰিব । মুঠ ৬ টা ডায়েলাইচিছ ইউনিটৰ জৰিয়তে দৈনিক ৬০ গৰাকী ৰোগীয়ে এই সেৱা লাভ কৰিব পাৰিব। লগতে সোমবাৰৰ পৰা চিকিৎসালয়খনত আৰম্ভ হ’ব প্ৰসূতি বিভাগৰ ব্যৱস্থা । এই মুকলি অনুষ্ঠানতে কিছু বিসংগতি দেখি অসন্তুষ্ট হৈ পৰে বিষয়াগৰাকী। চিকিৎসালয়খনৰ সহকাৰী অধীক্ষক মনোমোহন মড়লক ধমক দিয়াৰ লগতে ৬ মাহৰ ভিতৰত বিসংগতি দূৰ কৰাৰ নিৰ্দেশ বিষয়াগৰাকীৰ।
- Log in to post comments