হিংসাত জ্বলিছে মণিপুৰ.... জাতি-অজনজাতিৰ সংঘাতত সৃষ্টি হিংসাত্মক পৰিস্থিতিৰ।

Firee

মণিপুৰত হিংসাত্মক পৰিস্থিতি। জনজাতি-অজনজাতিৰ সংঘাতত নিয়ন্ত্ৰণহীন পৰিস্থিতি। বুধবাৰে নিশা ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়নৰ প্ৰতিবাদ। প্ৰতিবাদে হিংসাত্মক ৰূপ লোৱাত সৃষ্টি হৈছে ভয়ংকৰ পৰিস্থিতি। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সেনা-অসম ৰাইফলছৰ ফ্লেগ মাৰ্চ। পৰিস্থিতি ইমানেই ভয়ংকৰ ৰূপ লয় যে- ৭,৫০০ লোকে আশ্ৰয় লৈছে সেনা শিবিৰত। ইম্ফল, চুড়াচান্দপুৰ, বিষ্ণুপুৰ-মোৰেত বৃহস্পতিবাৰেও তীব্ৰ উত্তেজনা। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মণিপুৰত বন্ধ ইণ্টাৰনেট সেৱা। প্ৰতিবাদকাৰীক দেখিলেই গুলীচালনাৰ নিৰ্দেশ। সেনা, নিৰাপত্তাৰক্ষীৰ ৫৫টা বাহিনী মোতায়েন। সান্ধ্য আইনৰ মাজতো অব্যাহত হিংসাত্মক ঘটনা। শান্তি-শৃংখলা বজাই ৰাখিবলৈ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ আহ্বান। ১৯ এপ্ৰিলত উচ্চ ন্যায়ালয়ে মেইটেই জনগোষ্ঠীক অনুসূচিত জনজাতিকৰণৰ দাবীক বিবেচনা কৰিবলৈ নিৰ্দেশ দিছিল ৰাজ্য চৰকাৰক । এই নিৰ্দেশৰ পিছতেই ৰাজ্যখনত অনুসূচিত জনজাতি আৰু অজনজাতি গোষ্ঠীৰ মাজত তীব্ৰ উত্তেজনা আৰু হিংসাত্মক পৰিস্থিতিৰ উদ্ভৱ হয়। অসমৰ শিক্ষাৰ্থীও আৱদ্ধ হৈ আছে অগ্নিগৰ্ভা মণিপুৰত। বহু অসমীয়া পৰিয়ালো আৱদ্ধ মণিপুৰত। সান্ধ্য আইনৰ মাজত অনাহাৰে দিন কটাইছে শিক্ষাৰ্থীয়ে। শিক্ষাৰ্থী, পৰিয়ালসমূহক উদ্ধাৰৰ বাবে তৎপৰ অসম চৰকাৰ। মণিপুৰৰ ঘটনাক লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ টুইট। পৰিয়ালসমূহ উদ্ধাৰৰ বাবে চেষ্টা অব্যাহত চৰকাৰৰ।

Category