বিহু মঞ্চত সুৰক্ষিত নহয় শিল্পী! মদৰ নিচাতে একাংশই অপমান কৰিলে কন্ঠশিল্পী আচুৰ্য বৰপাত্ৰক।

Achurjya

ৰঙালীৰ ৰঙত ৰঙীন ৰাজ্য। নিজ নিজ সংগীতানুষ্ঠানত ব্যস্ত প্ৰত্যেকজন কণ্ঠশিল্পী। কিন্তু দেওবাৰে নিশা ডিব্ৰুগড়ত হোৱা জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ অনুষ্ঠানত ঘটে অঘটন। ডিব্ৰুগড় হাতীমুৰাত অনুষ্ঠিত হোৱা ৰঙালী বিহু সন্মিলনত কন্ঠ শিল্পী আচুৰ্য বৰপাত্ৰ অনুষ্ঠানত উৎযাপন সমিতিৰ মইমতালি। কণ্ঠ শিল্পী জনে অনুষ্ঠান সামৰাৰ পাছতো অতিৰিক্ত সময় গীত গাবলৈ বাধ্য কৰালে উদযাপন সমতিৰ একাংশই। অতিৰিক্ত সময় গীত পৰিৱেশন নকৰিলে কণ্ঠ শিল্পী গৰাকীৰ বাদ্যযন্ত্র ভাঙি দিয়াৰ ভাবুকি দিয়ে ভিন্নজনে।

মঞ্চতে মদৰ নিচাত উদযাপন সমিতিৰ একাংশই অপমানো কৰিলে শিল্পীজনক।

অনুষ্ঠান সামৰা পাছতো পুনৰ অনুষ্ঠান পৰিৱেশন কৰিবলৈ জোৰ কৰি বাধ্য কৰালে আচুৰ্য বৰপাত্ৰক। 

উল্লেখ্য যে পিছত মঞ্চতে মুকলি কৈ হাতক মাইক লৈ কণ্ঠ শিল্পী গৰাকীয়ে দোষ প্ৰকাশ কৰিলে। এতিয়া প্ৰশ্ন হয় মঞ্চত সুৰক্ষিত নহয় নেকি কণ্ঠশিল্পী সকল। উদযাপন সমিতিৰ মইমতালি কিমান তাৎপৰ্যপূৰ্ণ?

Category