আজি ঘোষণা হ'ল ২০২৩ চনৰ গুণোৎসৱৰ ফলাফল। ২০২৩ৰ ১৮ জানুৱাৰীৰ পৰা ৩টা পৰ্যায়ত চলিছিল গুণোৎসৱ। ৩১খন জিলাৰ ৪৪, ৫২৫খন বিদ্যালয়ত অনুষ্ঠিত হৈছিল গুণোৎসৱ। জনতা ভৱনত ফলাফল ঘোষণা মুখ্যমন্ত্ৰীৰ। উপস্থিত থাকে শিক্ষামন্ত্ৰী ৰনোজ পেগু। শিক্ষা বিভাগৰ খতিয়ান দাঙি ধৰিলে শিক্ষামন্ত্ৰীয়ে। গুণোৎসৱৰ শীৰ্ষত শিৱসাগৰ জিলা। দ্বিতীয় স্থান লাভ কৰে চৰাইদেউ জিলাই। তৃতীয় স্থান দখল গোলাঘাট জিলাৰ। ১১,৮৮৬ খন বিদ্যালয়ে লাভ কৰে A+ গ্ৰেড। A গ্ৰেড লাভ ১৯, ১৭২ খন বিদ্যালয়ৰ। ৭,৭১০ খন বিদ্যালয়ে লাভ কৰে B গ্ৰেড। ১,৯৭২খন বিদ্যালয়ে লাভ কৰে C গ্ৰেড। ৭৬৭ খন বিদ্যালয়ে লাভ কৰিছে D গ্ৰেড। A গ্ৰেড পোৱা বিদ্যালয় প্ৰদান কৰা হ’ব ২৫ হাজাৰকৈ টকা। বিদ্যাঞ্জলী আঁচনিৰ জৰিয়তে প্ৰদান কৰিব ৭৪ হাজাৰ চিলিং ফেন ।
- Log in to post comments