শীঘ্ৰে আৰম্ভ হ’ব ৰংঘৰ প্ৰকল্পৰ নিৰ্মাণকাৰ্য। ১০ মে’ত মুকলি কৰা হ’ব ৰংঘৰ নিবিদা প্ৰকল্প।
১৫০ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’ব ৰংঘৰ প্ৰকল্প। ৰংঘৰ প্ৰকল্পক লৈ জনতা ভৱনত অনুষ্ঠিত বিশেষ বৈঠক। মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত বহিল কেইবাগৰাকী মন্ত্ৰী-বিধায়ক।
বৈঠকত অংশগ্ৰহণ শিৱাসাগৰৰ বিধায়ক অখিল গগৈৰ। প্ৰকল্পত থাকিব অসমৰ সমাজ জীৱনৰ প্ৰতিটো দিশ,প্ৰতিটো জনগোষ্ঠীৰ প্ৰতিটো সমল।
থাকিব চুকাফা, প্ৰমত্ত সিংহকে ধৰি আহোম ৰজা সকলৰ প্ৰতিমূৰ্তি। অসমৰ প্ৰতিটো জনগোষ্ঠীৰ ৰজা তথা মহান ব্যক্তি সকলৰো প্ৰতিমূৰ্তি থাকিব।
ৰংঘৰ প্ৰকল্পৰ ফুড কৰ্টত থাকিব প্ৰতিটো জনগোষ্ঠীৰ খাদ্য সম্ভাৰ। মুঠতে আটকধুনীয়াকৈ সজোৱা হ'ব ৰংঘৰক।
- Log in to post comments