অসমত আনুষ্ঠানিকভাৱে মুকলি হ'ল AIIMSৰ। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে চাংসাৰিৰ AIIMS। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে উত্তৰ–পূৰ্বাঞ্চলৰ প্ৰথমখন AIIMS। ২০১৭ চনত এই প্ৰতিষ্ঠানখনৰ আধাৰশিলা স্থাপন কৰিছিল নৰেন্দ্ৰ মোদীয়ে। আজি গৰু বিহুৰ দিনা অসমবাসীক AIIMS উপহাৰ দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। চাংসাৰিৰ AIIMSত থাকিব ৭৫০খন বিচনা। লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰ্ছুৱেলী মুকলি কৰিলে তিনিখনকৈ চিকিৎসা মহাবিদ্যালয়। নলবাৰী, কোকৰাঝাৰ আৰু নগাঁও মেডিকেল কলেজ মুকলি কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে।
অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়,''অসমবাসীৰ বাবে আজি এক ঐতিহাসিক দিন। এই ব'হাগ বিহুৰ আৰম্ভণিৰ দিনা আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক পাইছো। মই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাইছো। অসমত এইমছ হ'ব, এয়া আমাৰ বাবে সপোন আছিল। ৭৫০ বিচনাযুক্ত এইমছ আজি আমাৰ বাবে বাস্তৱত ৰূপায়িত হ'ল। লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে কয়- "প্ৰতিখন জিলাতে এখন চিকিৎসালয় আমাৰ এক পণ আছিল। সেয়া বাস্তৱত ৰূপায়িত কৰিবলৈ গৈ আছো। আজি ১১, ১২ আৰু ১৩ নম্বৰ মেডিকেল কলেজৰ আধাৰশিলা স্থাপন হ'ব। অসমত ২৪খন মেডিকেল কলেজ স্থাপন আমাৰ লক্ষ্য। দিনদয়াল উপাধ্যায়ৰ সপোন নৰেন্দ্ৰ মোদীয়ে বাস্তৱত ৰূপায়ন কৰিছে।"মুখ্যমন্ত্ৰীয়ে কয়- "ভাৰতবৰ্ষত এতিয়া এইমছৰ সংখ্যা ২৩ খনলৈ বৃদ্ধি হ'ল। প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত অসমৰ ১ কোটি ১০ লাখ লোকক প্ৰধানমন্ত্ৰী আয়ুস্মান ভাৰত কাৰ্ড পাব। এই কাৰ্ডৰ জৰিয়তে প্ৰতিগৰাকী লোকে বছৰত পাঁচ লাখ টকালৈ বিনামূলীয়া চিকিৎসা পাব।"
- Log in to post comments