"এনেকুৱা বিৰল দৃশ্য পূৰ্বে কেতিয়াওঁ দেখা নাই । মূৰৰ চুলি ছিঙি আশীৰ্বাদ কৰক নাচনী সকলক।"- মুখ্যমন্ত্ৰী

Himanta Biswa Sharma

গীনিজ বুকত স্থান পালে অসমীয়াৰ আৱেগ বিহুৱে। এই ঐতিহাসিক ক্ষণৰ পাছতেই হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰে অসমবাসীক। মুখ্যমন্ত্ৰীয়ে কয়- 'এনেকুৱা বিৰল দৃশ্য পূৰ্বে কেতিয়াওঁ দেখা নাই । মূৰৰ চুলি ছিঙি আশীৰ্বাদ কৰক নাচনী সকলক' । লগতে বিহুৱা-বিহুৱতীৰ পিতৃ মাতৃক গৌৰাবান্বিত পিতৃ-মাতৃ আখ্যা দিলে মুখ্যমন্ত্ৰীয়ে । মহানগৰীত যিসকলে কষ্ট পালে এইকেইদিনত তেওঁলোকক ঘৰৰ অনুষ্ঠান বুলি ভাবি ধৰি নাথাকিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। মন্ত্ৰী- বিধায়ক, অসম চৰকাৰৰ মুখ্য সচিব আৰু বিষয়া কৰ্মচাৰী আৰু প্ৰশাসনক ধন্যবাদ জ্ঞাপন  কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Category