সত্ৰনগৰী মাজুলীত লজ্জাজনক ঘটনা! বহিঃৰাজ্যৰ যুৱতীক ধৰ্ষণৰ অপচেষ্টা লম্পটৰ।

Majuli

মাজুলীত সংঘটিত এক লজ্জাজনক ঘটনা। বহিঃৰাজ্যৰ যুৱতীক ধৰ্ষণৰ অপচেষ্টা লম্পটৰ। আৰক্ষীৰ জালত ধৰ্ষণৰ অভিযুক্ত আকাশ দাস ওৰফে দিল।মাজুলীলৈ ফুৰিবলৈ আহিছিল হায়দৰাবাদৰ যুৱতীগৰাকী। অফলামুখ ফেৰীঘাটৰ সমীপৰ এডৰা হাবিত ধৰ্ষণৰ চেষ্টা যুৱতীগৰাকীক । যুৱতীগৰাকীৰ দেহত স্পষ্ট আঘাতৰ চিন। যুৱতীগৰাকীৰ চিকিৎসাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে। বৰ্তমান মাজুলী আৰক্ষীৰ জিম্মাত দুই অপৰাধী । অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। আৰক্ষী অধীক্ষক গৌতম বৰাই সংবাদ মাধ্যমৰ আগত কয়- 'ধৰ্ষণ কাণ্ডৰ লগত জড়িত মূল মাষ্টাৰ মাইণ্ড হ'ল ই-ৰিক্সা চালক প্ৰশান্ত বৰা। আৰক্ষী সুত্ৰৰ পৰা জানিব পৰা মতে হাইদৰাবাদৰ যুৱতী গৰাকীৰ হাতত থকা  আইফোনটো চোৰ কৰিবৰ বাবে প্ৰশান্ত বৰাই আকাশ দাসক ৪০ টকা আৰু আইফোনটো আনি দিয়াৰ পিচত এযোৰ কাপোৰ কিনি দিয়াৰ কথা আছিল। প্ৰশান্ত বৰাৰ প্ৰলোভনৰ বাবেই আকাশ দাসে সংঘটিত কৰিলে এই কাণ্ড।'

Category