১৪ এপ্ৰিল নহয় ১৩ এপ্ৰিলত বিহুৰে বিশ্ব জিনিব অসমবাসীয়ে! গীনিজ বুক অৱ ৱৰ্ল্ডত ৰেকৰ্ড কৰাৰ লক্ষ্যৰে একেলগে কঁকাল ঘূৰাব ১১ হাজাৰ নাচনীয়ে।

Nasoni

অসমীয়াৰ আৱেগ বিহুৰে জিনিবলৈ সাজু অসমবাসী।১৪ এপ্ৰিলৰ পৰিৱৰ্তে ১৩ এপ্ৰিলৰ সন্ধিয়া ৫ বজাত সৃষ্টি হ'ব অভিলেখ। গীনিজ বুক অৱ ৱৰ্ল্ডত ৰেকৰ্ড কৰাৰ লক্ষ্যৰে সৰুসজাইত একেলগে কঁকাল ঘূৰাব ১১ হাজাৰ নাচনীয়ে। ১৪ এপ্ৰিলত লাভ কৰিব প্ৰমাণ পত্ৰ । বিহুৱা বিহুৱতীক ২৫,০০০ কৈ বৰঙনি আগবঢ়াব মুখ্যমন্ত্ৰীয়ে। গুৱাহাটীবাসীক এই মধুৰ ক্ষণৰ সাক্ষী হ'বৰ বাবে আহ্বান মুখ্যমন্ত্ৰীৰ। কাইলৈ নালাগে প্ৰৱেশ পত্ৰ। উল্লেখ্য যে চাৰিবজাত সোমাব লাগিব দৰ্শক সকল।

Category