'মদ খাই ঢলং-পলং কৰি মঞ্চত উঠিলে বেয়া দেখি! চান্দা উঠোৱা টকাৰে মদ খালে ভাল নেদেখি'- হিমন্ত বিশ্ব শৰ্মা

CM

আজি ৰঙালী বিহু উদযাপন সমিতিলৈ ১.৫ লাখ টকাকৈ সাহাৰ্য মুখ্যমন্ত্ৰীৰ। ৰঙালী বিহুৰ পূৰ্বে বিহু কমিটীসমূহলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ আহ্বান। চান্দা সংস্কৃতি নোহোৱা কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, ''চান্দা সাংস্কৃতি নোহোৱা কৰিব লাগে। যোৱা দুটা বছৰত চান্দা সাংস্কৃতি নোহোৱা হোৱাৰ বাবে চেষ্টা কৰা হৈছে।''  ইয়াৰ উপৰি বিহু পেণ্ডেলত মদ খোৱা প্ৰৱণতা নাইকিয়া কৰিব লাগে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে কয়, ''লাগিলে ঘৰত খাওক ক'বলগীয়া নাই। কিন্ত, মদ খাই ঢলং–পলং কৰি মঞ্চ উঠাটো বেয়া দেখি। মদ খোৱাটো মই বাধা নিদিওঁ, কিন্তু বিহুৰ পইচাৰে মদ খোৱাটো মই নিবিচাৰোঁ। বিহুৰ অনুষ্ঠানৰ পৰা ২০০-৫০০ মিটাৰৰ ভিতৰত মদ খোৱাৰ পৰা দূৰত থাকিব লাগে।''
 

Category