হাজাৰ হাজাৰ নাচনীৰ নান্দনিক ভংগীমাত দৃষ্টিনন্দন সৰুসজাইৰ সেউজ বক্ষ। ইতিহাস ৰচনাৰ লক্ষ্যৰে ১৪ এপ্ৰিলৰ বিহুৰ বাবে আৰম্ভ বৰআখৰাৰ আজি দ্বিতীয় দিন

Sarusajai

বিহুৰে বিশ্ব জিনিব অসমবাসীয়ে। হাজাৰ হাজাৰ নাচনীৰ নান্দনিক ভংগীমাত দৃষ্টিনন্দন সৰুসজাইৰ সেউজ বক্ষ। ইতিহাস ৰচনাৰ লক্ষ্যৰে ১৪ এপ্ৰিলৰ বিহুৰ বাবে আৰম্ভ বৰআখৰাৰ আজি দ্বিতীয় দিন। গীনিজ বুক অৱ ৱৰ্ল্ডত ৰেকৰ্ড কৰাৰ লক্ষ্যৰে একেলগে কঁকাল ঘূৰাব ১১ হাজাৰ নাচনীয়ে। এই লক্ষ্যত উপনীত হ'বৰ বাবে এতিয়া প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। সৰুসজাই ষ্টেডিয়ামত ১১ হাজাৰ ঢুলীয়া-নাচনীৰ বৰ আখৰা। ১৩ এপ্ৰিললৈ সৰুসজাইত বৰ আখৰা। ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত গীনিজ বুকত ৰেকৰ্ড কৰাৰ লক্ষ্যৰে আয়োজন কৰা হৈছে এই বিহুৰ অনুষ্ঠান। সৰুসজাই বিহুৰ চূড়ান্ত আখৰাস্থলীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। পৰ্যবেক্ষণ কৰিলে ষ্টেডিয়ামৰ ব্যৱস্থাপনা। মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে মন্ত্ৰী বিমল বৰা, কেশৱ মহন্ত আৰু জয়ন্ত মল্লবৰুৱা। ১৫ মিনিট সময় ১১ হাজাৰ নাচনী আৰু ঢুলীয়াৰ গিৰিপনিৰে মোহাচ্ছন্ন কৰিব সমগ্ৰ বিশ্ববাসীক। সাক্ষী হৈ ৰ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। উপস্থিত থাকিব দেশৰ সকলো ৰাজ্যৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী, G20ৰ ২০খন ৰাজ্যৰ প্ৰতিনিধি। আনহাতে, আজিও মুখ্যমন্ত্ৰীগৰাকীয়ে আখৰা পৰ্যবেক্ষণ কৰিব সৰুসজাইৰ সেউজ বক্ষত। কাইলৈ বিশ্ব ৰেকৰ্ডৰ অংশীদাৰ হোৱা বিহুৱা-বিহুৱতীৰ বাবে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ঘোষণা কৰিব বিশেষ উপহাৰ।

Category