বিহুৰ প্ৰাকক্ষণত 'প্ৰথম খবৰ'তথা ইউ.বি.ফ'টজ লৈ দুঃখবৰ। 'প্ৰথম খবৰ' মুখ্য সম্পাদক তথা ইউ.বি.ফ'টছৰ এম.ডি. উৎপল বৰুৱাৰ মাতৃৰ বিয়োগ। নগাঁৱৰ সৰবৰহী মহিলা লিলি বৰুৱাৰ আকস্মিক বিয়োগ। হৃদৰোগত আক্ৰান্ত হৈ GNRC হাস্পতালত চিকিৎসাধীন হৈ আছিল প্ৰয়াত লিলি বৰুৱা। মঙলবাৰে দিনৰ ২ বাজি ৪৫ মিনিটত শেষনিশ্বাস ত্যাগ লিলি বৰুৱাৰ। সমাজৰ বিভিন্ন শ্ৰেণীৰ সৈতে আছিল তেখেতৰ মধুৰ সম্পৰ্ক। মৃত্যুৰ সময়ত ২ পুত্ৰ, ২ কন্যাসহ নাতি-নাতিনী এৰি থৈ যায় লিলি বৰুৱাই। সৰবৰহী মহিলা লিলি বৰুৱাৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ।‘প্ৰথম খবৰ’তথা ইউ.বি.ফ'টজৰ পৰিয়ালেও মৃতকৰ আত্মাৰ সদগতিৰ বাবে জনাইছে শ্ৰদ্ধাঞ্জলি।
- Log in to post comments