এক নতুন ইতিহাস সৃষ্টিৰ দিশে অসমবাসী। ১৪ এপ্ৰিলত এক নতুন ইতিহাস ৰচনাৰ বাবে সাজু হৈছে সৰুসজাই। বিহুৰে বিশ্ব জিনিব অসমবাসীয়ে। গীনিজ বুক অৱ ৱৰ্ল্ডত ৰেকৰ্ড কৰাৰ লক্ষ্যৰে একেলগে কঁকাল ঘূৰাব ১১ হাজাৰ নাচনীয়ে। এই লক্ষ্যত উপনীত হ’বৰ বাবে এতিয়া প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। আজিৰে পৰা সৰুসজাই ষ্টেডিয়ামত ১১ হাজাৰ ঢুলীয়া-নাচনীৰ বৰ আখৰা। ১৩ এপ্ৰিললৈ সৰুসজাইত বৰ আখৰা। ইতিমধ্যেই গুৱাহাটীত উপস্থিত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বিহুৱা-বিহুৱতী। ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত গীনিজ বুকত ৰেকৰ্ড কৰাৰ লক্ষ্যৰে আয়োজন কৰা হৈছে এই বিহুৰ অনুষ্ঠান। অসমৰ ভিন্ন কলাকৃষ্টিৰ আৰ্হিৰে সজাই তোলা হৈছে সৰুসজাই ষ্টেডিয়াম। নিৰ্মাণ কৰা হৈছে ৰংঘৰৰ আৰ্হিও।
- Log in to post comments