পুনৰ অসমবাসীলৈ ভাল খবৰ! ৩য় ইণ্ডিয়ান গ্ৰাণ্ড প্ৰিক্সত অম্লান বৰগোহাঁইয়ে আজুৰিলে ২টাকৈ সোণৰ পদক।

Amlan

অসমবাসীলৈ পুনৰ গৌৰৱ কঢ়িয়ালে অসম সন্তান অম্লান বৰগোহাঁইয়ে। বাংগালুৰুত অনুষ্ঠিত ৩য় ইণ্ডিয়ান গ্ৰাণ্ড প্ৰিক্সত অম্লান বৰগোহাঁইয়ে অৰ্জন কৰিলে ২টাকৈ সোণৰ পদক। পুৰুষৰ ১০০মিটাৰ আৰু  ২০০মিটাৰ দৌৰত অম্লানে আজুৰিলে সোণৰ পদক। ১০০মিটাৰত ১০.৫০ চেকেণ্ড আৰু ২০০ মিটাৰত ২১.২২ ছেকেণ্ডত দৌৰ সমাপ্ত অম্লান বৰগোঁহাইৰ। বাংগালুৰুৰ কান্টেৰভা ষ্টেডিয়ামত অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতা। অম্লান বৰগোহাঁইৰ এই সফলতাত গৌৰাৱান্বিত অসমবাসী। 

Category