সাপ ওলোৱা, লাইট বেয়া হোৱাৰ পিছত এইবাৰ মাজ ৰাস্তাতে বেয়া হ'ল IPLৰ খেলুৱৈ নিয়া বাছ

IPL

বিয়লি ৩.৩০ বজাৰ পৰা গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হৈছে আই পি এলৰ দ্বিতীয় খন খেল অৰ্থাৎ ৰাজস্থান ৰয়েলছ আৰু দিল্লী কেপিটেলছৰ খেল। খেলৰ পূৰ্বে হোটেল ৰেডিচন ব্লুৰ পৰা ৰাজস্থান ৰয়েলছ দলৰ খেলুৱৈসকলক ষ্টেডিয়ামলৈ লৈ অহা হৈছিল এখন বাছত। কিন্তু আদবাটতে যান্ত্ৰিক বিজুতি ঘটিল খেলুৱৈ অনা বাছখনৰ। হোটেলৰ পৰা ষ্টেডিয়ামলৈ খেলুৱৈসকলক নি থকা অৱস্থাতে বেয়া হ’ল বাছখন। বেতকুছি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত ৰখাই দিয়া হয় বাছখন। পিছত অন্য বাহনেৰে লৈ যোৱা হয় খেলুৱৈসকলক। উল্লেখ্য যে দিল্লী কেপিটেলছে টচ জিকি প্ৰথমে ফিল্ডিং কৰিছে টীমটোৱে। 

Category