গুৱাহাটীত আজি IPL ৰ দ্বিতীয়খন মেচ! কোনটি দ'ল জিকাটো বিচাৰে আপুনি?

Rajasthan Royals and David Warner

আজি গুৱাহাটীত অনুষ্ঠিত হ'ব IPLৰ দ্বিতীয়খন মেচ। ঘৰুৱা টীম ৰাজস্থান ৰয়েলছ আৰু দিল্লী কেপিটেলছে খেলিব মেচ খন। বিয়লি ৩ বাজি ৩০ মিনিটত আৰম্ভ হ’ব খেলখন। দৰ্শকৰ বাবে প্ৰায় ১ বজাত মুকলি কৰি দিয়া হ'ব প্ৰৱেশদ্বাৰ। ৬ এপ্ৰিলত গুৱাহাটীত আহি উপস্থিত হয় দিল্লী কেপিটেলছ। IPL ২০২৩ ত দিল্লী কেপিটেলছৰ এইখন হ'ব তৃতীয়খন খেল আৰু ৰাজস্থান ৰয়েলছৰ হ'ব দ্বিতীয়খন। বৰ্তমানলৈকে দুয়োটা দলে এখন খেলতো জয়লাভ কৰিবলৈ সক্ষম হোৱা নাই। সেয়ে আজি  প্ৰথমটো জয়ৰ সোৱাদ লোৱাৰ বাবে দুয়োটা দলেই চলাব যুঁজ। গতিকে কোন দলে জয় লাভ কৰিব পাৰিব সেইয়া লক্ষণীয় হ’ব।

Category