ৰহস্যৰ আৱৰ্ত্তত সুমাই পৰিছে প্ৰাঞ্জল মৰানৰ মৃত্যুৰ ঘটনা। প্ৰকৃততে কি হৈছিল প্ৰাঞ্জল মৰানৰ লগত। কয়লা খনিত কাম কৰিবলৈ যোৱা প্ৰাঞ্জল মৰানৰ কেনেকৈ মৃত্যু হ'ল। বহু প্ৰশ্নৰে উদয় হৈছে এতিয়া সকলোৰে মনত। কয়লা খনিত কাম কৰিবলৈ গৈ সন্ধানহীন হৈছিল মহিলা গৰাকীৰ স্বামী প্ৰাঞ্জল মৰান। চলিত বৰ্ষৰ ৬ জানুৱাৰীত লিডু কয়লা খনিত কাম কৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল প্ৰাঞ্জল। কিন্তু ফেব্ৰুৱাৰীৰ ১ তাৰিখে লিডুৰ কয়লা খনিত দুজন লোক মৃত্যু হোৱাৰ বাতৰি প্ৰকাশৰ পিছত প্ৰাঞ্জলৰ খবৰ লৈছিল পৰিয়ালে। ২ ফেব্ৰুৱাৰীত কয়লা খনিৰ মানুহ প্ৰাঞ্জলৰ ঘৰত গৈ পত্নী উৰ্বশী মৰাণক পাঁচ লাখ টকা দিব বিচাৰিছিল প্ৰাঞ্জলৰ মৃত্যু সন্দৰ্ভত। কিন্তু এটি তিনিবছৰীয়া সন্তানৰ সৈতে বসবাস কৰা প্ৰাঞ্জলৰ পত্নীয়ে লোৱা নাছিল সেই ধন। বৰং স্বামীক উলিয়াই দিবলৈ আহ্বান জনাইছিল পত্নীয়ে। অৱশেষত উপায়হীন উৰ্বশী কাষ চাপিছিল DGP ৰ। DGP ৰ তৎপৰতাত আৰম্ভ হৈছিল তদন্তৰ। জালত পৰিছিল ইজনৰ পিছত সিজন লোক। অবৈধ কয়লা ব্যৱসায়তো নাম সাঙোৰ খাইছিল বহু ব্যক্তিৰ। ঘটনাত নাম সাঙোৰ খাইছিল ভাস্কৰ শৰ্মা আৰু দুই বিধায়কৰ, উৰ্বশী মৰানৰ এজাহাৰত উল্লেখ আছে বুলি সদৰী কৰিছিল উৰ্বশীৰ ককায়েকে। উবৰ্শী মৰানে কৈছিল- কেচ বন্ধ কৰিবৰ বাবে উৰ্বশীৰ ঘৰত সত্য নামৰ এজন লোকক ৫ লাখ টকা দি পঠাইছিল কোনো লোকে। কেৱল এয়াই নহয় জড়িত থকাৰ অভিযোগ উঠিছিল লিডু থানাৰ OC জ্যোতিষ ফুকন আৰু লাংঠাচি থানাৰ OC প্ৰতাপ গগৈৰ বিৰুদ্ধে। তাৰ পিছত এজনৰ পিছত সিজন লোকক আটক কৰিছিল আৰক্ষীয়ে। অৱশেষত আৰক্ষীৰ অভিযানত আজি উদ্ধাৰ হ'ল প্ৰাঞ্জল মৰানৰ মৃতদেহ। নিমখেৰে পুতি ৰাখিছিল প্ৰাঞ্জলৰ মৃতদেহ। কিন্তু এতিয়াও উদঘাটন হোৱা নাই প্ৰাঞ্জল মৰানৰ মৃত্যুৰ প্ৰকৃত সত্য কাহিনী। আৰক্ষীৰ তদন্তত হয়তো প্ৰকাশ পাব কয়লা খনিৰ আৰু বহু ক'লা কাহিনী।
- Log in to post comments