আজি বিধানসভাৰ মজিয়াত মন্ত্ৰী ৰণজিত কুমাৰ দাসে মন্তব্য কৰে,"মূল্যবৃদ্ধি দুই প্ৰকাৰৰ স্বাভাৱিক আৰু অস্বাভাৱিক। অস্বাভাৱিক মূল্যবৃদ্ধি হোৱা নাই। ২০১৬ৰ দিন হাজিৰা আৰু আজিৰ হাজিৰা মাজত পাৰ্থক্য আছে। স্বাভাবিক মূল্যবৃদ্ধি হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বৰ বাবে এতিয়াও চাউল, মিঠাতেল, ডিজেল আদিকে ধৰি কেইবাবিধো সামগ্ৰী দেশৰ আগশাৰীৰ কেইবাখনো চহৰৰ তুলনাত অসমৰ ৰাইজে কম মূল্যত ক্রয় কৰিব পাৰিছে। ভাৰত চৰকাৰৰ গ্ৰাহক পৰিক্রমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ৰ অধীনৰ মূল্য নিৰীক্ষণ শাখাৰ দ্বাৰা প্ৰকাশিত দৈনিক মূল্য তালিকাত উপলব্ধ দেশৰ কেইখনমান আগশাৰীৰ চহৰৰ কেইবিধ মান সামগ্ৰীৰ লগতে স্থানীয় মূল্যৰ তুলনামূলক তথ্য সদনত প্ৰকাশ মন্ত্ৰী ৰণজিত দাসে।"
দেশৰ বিভিন্ন চহৰৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ তুলনামূলক খুচুৰা মূল্যৰ তালিকা এনেধৰণৰ-
(১) চাউলৰ প্ৰতি কেজিৰ মূল্য গুৱাহাটীত ৩৩ টকা, ছণ্ডীগড়ত ৩৮ টকা, দিল্লীত ৩৯ টকা, মুম্বাইত ৩৫ টকা, নাছিকত ৩৫ টকা, পাটনাত ৪০ টকা, কলকাতাত ৪২ টকা, বাংগালুৰুত ৫৪টকা, চেন্নাইত ৫৯ টকা, হায়দৰাবাদত ৫৩ টকা।
২) মিঠাতেল (পেকেটত থকা) প্ৰতি লিটাৰৰ মূল্য- গুৱাহাটীত ১৫৫ টকা, ছণ্ডীগড়ত ১৭৬ টকা, ভূপালত ১৬৫ টকা, মুম্বাইত ১৬১ টকা, আগৰতলাত ১৬০ টকা, ১৭৬ টকাত বাংগালুৰু, চেন্নাইত ১৭৭ টকা, হয়দৰাবাদত ১৬৪ টকা।
(৩) আলু প্ৰতি কেজিৰ মূল্য - গুৱাহাটীত ১৪ টকা, বাংগালুৰুত ২৩ টকা, চেন্নাইত ২২টকা, হায়দৰাবাদত ২৩ টকা, নাছিকত ২৭ টকা, মুম্বাইত ২৮ টকা।
শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ৰণজিত দাসে সদনৰ মজিয়াত দাখিল কৰিছিল এইসমূহ তথ্য৷ মন্ত্ৰীগৰাকীয়ে অসমত মূল্যবৃদ্ধি নাই হোৱা বুলি কোৱাৰ লগে লগে বিভিন্ন মহলত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ৷ লগতে মন্ত্ৰীগৰাকীয়ে কয় যে ব্ৰেণ্ড অনুযায়ী কথাবোৰ বেলেগ হ'লেও সৰ্বসাধাৰণ লোকে ব্যৱহাৰ কৰা সামগ্ৰীৰ তথ্যহে দিয়া হৈছে সদনত। অখিল গগৈক লগত লৈ একেলগে বজাৰ কৰি মূল্যবৃদ্ধি নাই হোৱা বুলি প্ৰমাণ দিয়াৰো প্ৰত্যাহ্বান ৰণজিত দাসৰ ৷
- Log in to post comments