প্ৰাঞ্জল মৰাণৰ নিৰুদ্দেশ সন্দৰ্ভত আজি আৰু দুজনক আটক। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা লিডুত অবৈধ কয়লাখনিত প্ৰাঞ্জল মৰাণৰ মৃত্যু হোৱাৰ সন্দৰ্ভত আজি আৰু দুজনক আটক কৰিছে মাৰ্ঘেৰিটা আৰক্ষীয়ে। উল্লেখ্য যে, মৃত প্ৰাঞ্জল মৰাণৰ পত্নী উবৰ্শী মৰাণৰ এজাহাৰৰ ভিত্তিত আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ নিৰ্দেশৰ পিছতে অধিক কঠোৰ হৈ পৰিছে মাৰ্ঘেৰিটা আৰক্ষী। উজনি অসমৰ আইন শৃংখলাৰ দায়িত্বত থকা আই জি পি জিৎমল দলে প্ৰাঞ্জল মৰাণৰ মৃতদেহ উদ্ধাৰৰ বাবে ধাৰাবাহিক ভাবে অভিযান অব্যাহত থকাৰ সমান্তৰালকৈ মাৰ্ঘেৰিটা আৰু লিডু আৰক্ষীয়েও চোৰাং কয়লা ব্যৱসায়ত জড়িত থকা কয়লা মাফিয়াৰ বিৰুদ্ধে ৰাখিছিল তীব্ৰ অভিযান। যাৰ ফলত আজি মাৰ্ঘেৰিটা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰতাপ গগৈৰ নেতৃত্বত যোৱা এটা আৰক্ষী দলে লিডু বাগান সাত নম্বৰৰ নিবাসী সুকৰাম মূঢ়াৰ পুত্ৰ সঞ্জয় মূঢ়া আৰু গোপীনাথ গগৈক আটক কৰি সোধা পোচা অব্যাহত ৰাখিছে।
- Log in to post comments