পুনৰ অসম আৰক্ষীৰ নাক কাটিল!!  নিশাৰ ৰাজপথত সুৰাৰ ৰাগিত মাতাল হৈ  বিহু নাচিলে মঙ্গল পাণ্ডে ছাৰে ।

Police

যিটো সময়ত আৰক্ষী প্ৰশাসনে সাধাৰণ জনতাক নিৰাপত্তা দিব লাগিছিল সেই সময়ত এজন মদাহী ছাৰে নিশা ধিঙৰ ৰাজপথত সুৰাৰ ৰাগিত মাতাল হৈ বিহু দেখুৱালে ৰাইজক । মঙ্গলবাৰে সন্ধিয়া মঙ্গল  পাণ্ডে নামৰ এজন আৰক্ষীয়ে সুৰাৰ ৰাগিত মাতাল হৈ বাইকেৰে আহি নিজেই দুৰ্ঘটনাত পতিত হয় ধিং চাৰিআলিত । বাইকৰ পৰা পৰিয়েই  আৰক্ষী গৰাকী একেবাৰে টোপনিত লালকাল ।চাৰিওপিনে মানুহে আগুৰি ধৰিলে আৰক্ষী গৰাকীক, কিন্তু একো হুচেই নাই আৰক্ষী গৰাকীৰ।  এটা সময়ত  মঙ্গল পাণ্ডেই সাৰ পাই যেনে তেনে উঠি থিয় হৈ পিন্ধি ললে হেলমেট। কিন্তু খোজ কাঢ়িব পৰা অৱস্থাতেই নাছিল আৰক্ষী গৰাকী। অৱশেষত নিবলৈ আহিল 108 গাড়ী। গাড়ীৰ সন্মুখৰ পৰা স্বাস্থ্য কৰ্মীক নমাই উঠাৰ চেষ্টা কৰিছিল মঙ্গল পাণ্ডেই, কিন্তু তাতো উঠিব নোৱাৰিল । শেষত থানাৰ পৰা আৰক্ষী আহি 108 ত ধিং হস্পিতাললৈ  লৈ গল আৰক্ষী মঙ্গল পাণ্ডেক । 

Category