অসমীয়াৰ আৱেগত পুনৰ আঘাত। এইবাৰ বিকৃত ৰূপত উপস্থাপন ভাওনা। শংকৰদেৱৰ অনুপম সৃষ্টিক চূড়ান্তভাৱে অপমান। সত্ৰভূমি মাজুলীত ভীষণ প্ৰতিক্ৰিয়া। ভাওনাৰ বচনক বিহু গীতৰ সুৰত উপস্থাপন। বাটি ভৰাই চিৰা খাবি’ গীতেৰে ভাওনাৰ বচন। সামাজিক মাধ্যমত প্ৰচাৰৰ পিছতেই তোলপাৰ ৰাজ্য। ভাওনাত ভাৱৰীয়াৰ সুৰা সেৱনক লৈ চলি আছিল বিতৰ্ক। এইবাৰ ভাওনাৰ বচন বিকৃতকৰণক লৈ ৰাজ্যজুৰি ধিক্কাৰ। নাট্য দলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী সচেতন মহলৰ। অসমীয়াৰ গৌৰৱ আৰু মৰ্যদাৰ প্ৰতীক ভাওনাক লৈ কৰা এনে ঘৃণনীয় কাৰ্যক ভাওনাৰ লগত জড়িত লোক সকলে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে প্ৰতিজন সংস্কৃতি প্ৰেমীয়ে এই সচেতনতা প্ৰৰ্দশন কৰি এনে শিল্পী আায়োজক সমিতি, পৰিচালকৰ লগতে ভাওনাৰ পৰা তেনে সস্তীয়া মনোৰঞ্জন বিচৰা মানসিক ৰোগীসকল যাতে কোনো কাৰণত কোনো অনুষ্ঠানত অংশগ্ৰহণ নকৰে তাৰ বাবে সকলোকে কঠোৰ হ’বলৈ আহ্বান জনাইছে। সস্তীয়া মনোৰঞ্জনৰ বাবে এনেদৰে অসমীয়া কৃষ্টি–সংস্কৃতিক চূড়ান্তভাৱে বিকৃত কৰাত এয়া উদ্দেশ্যপ্ৰণোদিত বুলি অভিহিত কৰিছে ৰাজ্যৰ সচেতন মহলে।
- Log in to post comments