কামাখ্যাত নৰবলি!! অৱশেষত পোহৰলৈ আহিল ২০১৯ চনত সংঘটিত নৰবলিৰ কাহিনী!! মদ খুৱাই মুণ্ডহীন কৰিছিল মহিলাক।

Kamakhya

২০১৯ চনৰ ১৯জুনত কামাখ্যা মন্দিৰ পথত সংঘটিত হৈছিল এক ভয়ংকৰ হত্যাকাণ্ড । জয় দূৰ্গা মন্দিৰৰ চিৰিত পোৱা গৈছিল এটা মুণ্ডহীন মৃতদেহ। সেই সময়ত কোনো ক্লু পোৱা নাছিল হত্যাকাণ্ডৰ। অৱশেষত ওলাল  হত্যাকাণ্ডৰ  আঁচল ৰহস্য। পশ্চিমবংগৰ এগৰাকী মহিলা বলি হৈছিল সেই হত্যাকাণ্ডত ৷ মহিলা গৰাকীৰ  নাম শান্তি শ্ব ৷ জুলাই মাহত মহিলা গৰাকীৰ  পূত্ৰই তেওঁৰ Tatto ৰ পৰা চিনাক্ত কৰে ৷ তদন্তৰ বাবে গঠন কৰা হৈছিল এখন SIT। বিগত এমাহ যোৰা অনুসন্ধানত ওলাল হত্যাকাণ্ডৰ ৰহস্য। কোচ বিহাৰৰ শীতলাকুচিত কৈলাশ বৰ্মনৰ ঘৰত  উদ্ধাৰ হৈছিল মহিলা গৰাকীৰ কাপোৰ আৰু ট্ৰেইনৰ টিকট ৷ মাতে প্ৰসাদ পাণ্ডে নামৰ এজন বাবাই লৈ গৈছিল মহিলা গৰাকীৰ কাপোৰ।

1

মাতে প্ৰসাদক মধ্যপ্ৰদেশৰ গ্ৰেপ্তাৰ  কৰাৰ পাছতেই স্বীকাৰ কৰে হত্যাকাণ্ডৰ সৈতে জড়িত লোকৰ নাম।

2

সুৰেশ পাচোৱান,

3

কানু আচাৰ্যী ওৰফে কানু তান্ত্ৰিক  ,

4

ৰাজু বাবা (ভায়েৰাম ভাৱৰীয়া),

5

প্ৰদীপ পাঠক। নৰবলিৰ বাবেই সংঘটিত হ'ল সমগ্ৰ ঘটনা। প্ৰদীপ পাঠকে যথেষ্ট তন্ত্ৰ -মন্ত্ৰৰ বিশ্বাসী। এই প্ৰদীপেই  পশ্চিমবংগৰ পৰা মাতি আনিছিল সাধু বাবাক 
সমগ্ৰ ঘটনা সংঘটিত হৈছিল ভূতনাথত। বিশ্বশান্তি , কামাখ্যা মাক সন্তুষ্ট আৰু প্ৰদীপৰ ভাতৃৰ সোঁৱৰণতেই সেই পূজা কৰা হৈছিল ৷ পূজা কৰি থাকোতেই মহিলা গৰাকীক অত্যাধিক সুৰাপান কৰোৱাইছিল ৷ নিচাসক্ত মহিলাগৰাকীক অম্ববাচী মেলা চাবলৈ  কামাখ্যা মন্দিৰলৈ লৈ গৈছিল মহিলাগৰাকীক ৷ জয়দূৰ্গা মন্দিৰতেই  নিচাসক্ত মহিলাগৰাকীক শিৰচ্ছেদ কৰে ৷ উল্লেখ্য যে  প্ৰতিগৰাকী তান্ত্ৰিককে ১০ হাজাৰকৈ মাননি দিছিল প্ৰদীপ পাঠকে ৷

Category