আজি-কালি সাধাৰণতে সকলোৰেই ছাইনাছাইটিছৰ সমস্যা থকা দেখা যায়। ছাইনাছ সমস্যা মূলতঃ ঠাণ্ডা, চৰ্দি লগা আদিৰ লগতে ভাইৰাছ , বেক্টেৰিয়া বা ফাংগাছ সংক্ৰমণৰ জৰিয়তে হ'ব পাৰে। ছাইনাছাইটিছ সমস্যা যিকোনো সময়ত যিকোনো বয়সতে হ'ব পাৰে। এনে কিছুমান উপায় আছে যি উপায় অৱলম্বন কৰি আমি নিজেই ছাইনাছাইটিছ সমস্যা নিয়ন্ত্ৰণ কৰিব পাৰোঁ। কিছুমান উপায় হ'ল-
ক) গাত ঠাণ্ডা নলগাব।
খ) কুহুমীয়া পানী খোৱা কৰক , লগতে গৰম পানীৰে গা ধোৱাৰ অভ্যাস গঢ়ি তোলক।
গ) পিয়াহ লাগিলেই ফ্ৰীজৰ পানী আৰু বৰফ বা আইছক্ৰীম খোৱাৰ অভ্যাস পৰিহাৰ কৰক।
ঘ) ধূলি বা বালিময় পৰিৱেশত মাস্ক পৰিধান কৰক।
ঙ) দিনত দুই-এবাৰ ষ্টিম ইনহেলেচন লওক বা গৰম পানীৰ ভাপ নাকেৰে টানি মুখেৰে উলিয়াই দিয়ক।
চ) চৰ্দি-ঠাণ্ডা বা ফ্লুত আক্ৰান্ত ৰোগীৰ সংস্পৰ্শৰ পৰা আঁতৰি থাকক।
ছ) বেছি গৰমত কাম নকৰিব বা একেৰাহে দীৰ্ঘসময় পৰিশ্ৰম কৰাৰ পৰা বিৰত থাকক।
জ) কোনো খাদ্য খালে যদি এলাৰ্জি হয়, তেন্তে সেই খাদ্য নাখাব।
ঝ) ঘৰৰ চৌদিশ পৰিস্কাৰ কৰি ৰাখক।
ঞ) চৰ্দি, হাঁচি আৰু কাঁহৰ সৈতে কাণ বা মূৰ বিষালে লগে লগে নাক-কাণ আৰু ডিঙি বিশেষজ্ঞৰ পৰামৰ্শ লওক।
- Log in to post comments