'গোটেই কথা খিনি ভালদৰে জানিবলৈহে মই ভিডিঅ'টো ৰেকৰ্ডিং কৰিছিলো'- বিধায়িকা নন্দিতা দাসৰ প্ৰতিক্ৰিয়া

Nandita Das

এটা ভিডিঅ'ই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। বিধায়িকা নন্দিতা দাসৰ এটা ভাইৰেল ভিডিঅ'ই তোল-পাৰ লগাইছে ৰাজ্যৰ ৰাজনীতি। দেওবাৰে ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক AICCৰ সম্পাদক পৃথ্বীৰাজ সাথেৰ ভাষ্য গোপনে মোবাইলত বন্দী কৰিছিল বকোৰ বিধায়িকা নন্দিতা দাসে। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল বিধায়িকা গৰাকীৰ এই ভিডিঅ'। অভিযোগৰ ওপৰত অভিযোগ আহি পৰিছিল নন্দিতা দাসৰ বিৰুদ্ধে। প্ৰশ্ন উঠিছিল কিয় মনে মনে ভিডিঅ' ৰেকৰ্ডিং কৰিছিল বিধায়িকা গৰাকীয়ে। নন্দিতা দাসেই কাম কৰিছে নেকি বিজেপিৰ গুপ্তচৰৰ। এই সকলো প্ৰশ্নৰ উত্তৰ দিলে বিধায়িকা গৰাকীয়ে। বিধায়িকা নন্দিতা দাসে কয়-'মোৰ কোনো বেয়া অভিপ্ৰায় নাছিল,গোটেই বস্তুখিনি ভালকৈ জানিবলৈ ৰেকৰ্ড কৰিছিলো। ৰেকৰ্ড নকৰিবলৈ আমাক কোনো কোৱাও নাছিল। ব্যক্তিগত লাভালাভৰ বাবেহে ৰেকৰ্ড কৰিছিলো'।  
 

Category