বিজেপিৰ গুপ্তচৰ নেকি বিধায়িকা নন্দিতা দাস? বিধায়িকা গৰাকীয়ে কিয় মনে মনে ভিডিঅ' ৰেকৰ্ডিং কৰিছিল AICCৰ সম্পাদক পৃথ্বীৰাজ সাথেৰ ভাষ্য?

Nandita

কংগ্ৰেছৰ ভিতৰুৱা তথ্য গম পায় বিজেপিয়ে। খোদ মুখ্যমন্ত্ৰীয়েই জনাইছিল এই কথা। মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছিল যে,' কংগ্ৰেছৰ প্ৰতিটো মুহূৰ্তৰ খবৰয়েই পায় বিজেপিয়ে। মুখ্যমন্ত্ৰীৰ এই বিস্ফোৰণৰ পিছতেই হাহাকাৰ লাগিছিল কংগ্ৰেছত। দলটোত বিচাৰি হাহাকাৰ হৈছিল বিজেপিৰ গুপ্তচৰক। কিন্তু শেহতীয়াকৈ এক চাঞ্চল্যকৰ ভিডিঅ'ই জোকাৰি গ'ল কংগ্ৰেছক। বিধায়িকা নন্দিতা দাসৰ বিৰুদ্ধে উঠিছে চাঞ্চল্যকৰ অভিযোগ। ফাদিল হ’ল বকোৰ বিধায়িকা নন্দিতা দাসৰ কাণ্ড। দেওবাৰে ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক AICCৰ সম্পাদক পৃথ্বীৰাজ সাথেৰ ভাষ্য গোপনে মোবাইলত বন্দী কৰিছিল বকোৰ বিধায়িকা নন্দিতা দাসে। এতিয়া সকলোৰে প্ৰশ্ন পৃথ্বীৰাজ সাথেইৰ ভাষণ কিয় গোপনে গোপনে ৰেকৰ্ডিং কৰিছিল বিধায়িকা গৰাকীয়ে? নন্দিতা দাসেই নেকি বিজেপিক কংগ্ৰেছৰ ভিতৰুৱা তথ্য দিয়া গুপ্তচৰ গৰাকী!! 

Category