জীৱনত চুচি খাই নোপোৱা শান্তাই তিল দিয়া কুকুৰা মাংসৰ পুৰেৰে চুচি বনাই অডিশ্যনত চিলেক্ট হৈ আজুৰিলে মাষ্টাৰ চেফ ছিজন ৭ৰ ফাৰ্ষ্ট ৰাণাৰ্ছ আপ

Shanta

মাষ্টাৰচেফ ছিজন ২০২৩ৰ ফাৰ্ষ্ট ৰাণাৰ্ছ আপৰ খিতাপ দখল কৰা জাগীৰোডৰ বোৱাৰী শান্তা পৱন শৰ্মাই মাষ্টাৰচেফৰ অডিশ্যন ৰাউণ্ডত ৰান্ধি নিছিল তিল দিয়া কুকুৰা মাংসৰ পুৰৰ চুচি। শান্তাই কেতিয়াও খাই পোৱা নাছিল চুচি। ইউ- টিউবৰ ভিডিঅ' চাই ৰান্ধিছিল বিভিন্ন খাদ্য। নিজে খাই পোৱা নাছিল যদিও এই চুচিৰ জৰিয়তেই বিচাৰকৰ মন জয় কৰিছিল শান্তাই।

1

জাগীৰোডৰ এখন সৰু গাঁৱত বাস কৰিছিল শান্তাই। নেপালী আৰু অসমীয়া খাদ্যক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চিনাকী কৰোৱাটোৱে আছিল শান্তাৰ সপোন।

2

নেটৰ্ৱক নাপাইছিল শান্তাৰ গাঁৱত কিন্তু গৃহিণী শান্তাই ঘৰৰ কাম-কাজ কৰি গোহালিত গৈ ইউটিউবৰ ভিডিঅ' চাই খাদ্য ৰন্ধাৰ চেষ্টা কৰিছিল। কিয়নো গোহালিৰ ওচৰতহে অলপ নেটৰ্ৱক পাইছিল শান্তা পৱন শৰ্মাৰ। ছিজনটিৰ প্ৰায় ভাগ চেলেঞ্জতে শান্তাই অসমীয়া খাদ্যক প্ৰাধান্য দিছিল। বিশ্ববাসীৰ আগত অসমীয়া খাদ্য চিনাকী কৰাবলৈ চেষ্টা কৰিছিল শান্তা পৱন শৰ্মাই। ফাইনেলতো শান্তাই চুঙা মাংস, পইতা ভাত, মাছৰ পিটিকা, বিলাহী চাটনি, কঠাল-গুটি খৰিচাৰ পিটিকা, শুকান মাছৰ চাটনি, কেটলি পিঠা ৰান্ধিছিল। ট্ৰফী জয় নকৰিলেও দোশবাসীৰ হৃদয় জয় কৰিলে শান্তা পৱন শৰ্মাই।

৩

প্ৰত্যেক গৰাকী গৃহিণীৰ বাবে এতিয়া শান্তা পৱন শৰ্মা হৈ পৰিছে আদৰ্শ। 
 

Category
Profile picture for user UB Photos