পিতৃয়ে বাধা দিছিল ৰান্ধিবলৈ, কিন্তু হাঁহ মাংস-কোমোৰা বনাই পুত্ৰই আজুৰি আনিলে মাষ্টাৰচেফ ২০২৩ৰ খিতাপ।

Nayan

পদূলিত ৰঙালি। কিন্তু তাৰ আগতেই আনন্দত মতলীয়া অসমবাসী। কাৰণ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলিল অসম।

1

ৰন্ধন প্ৰতিযোগীতাৰ  ৰিয়েলিটি শ্ব' মাষ্টাৰ চেফ ইণ্ডিয়া ছিজন ৭ ৰ খিতাপ দখল কৰিলে তিনিচুকীয়াৰ নয়নজ্যোতি শইকীয়াই। নয়নজ্যোতিৰ ঘৰ তিনিচুকীয়াৰ গোবিন্দপুৰত। নয়নজ্যোতিৰ পিতৃয়ে নয়নে ৰন্ধা কামটোত সমৰ্থন জনোৱা নাছিল। বাগিছাত কাম কৰিবলৈ দিছিল নয়নৰ পিতৃয়ে। শ্বেফ বিকাশ খান্নাই নয়নজ্যোতিৰ ইনষ্টাগ্ৰাম একাউন্ট দেখি সন্তুষিত হৈ অসমলৈ বিচাৰি আহিছিল নয়নজ্যোতিক। সুন্দৰ সুন্দৰ খাদ্যৰে ভৰি আছিল নয়নজ্যোতিৰ ইনষ্টা একাউন্ট। তিনিচুকীয়াত উপস্থিত হৈ শ্বেফ বিকাশ খান্নাই মুম্বাইৰ অডিশ্যনলৈ লৈ গৈছিল নয়নজ্যোতিক। মাষ্টাৰচেফৰ অডিশ্যন দিব যাওতে নয়নজ্যোতিক পিতৃয়ে কৈছিল 'যদি জিকি আহিব নোৱাৰ তেন্তে চৰকাৰী চাকৰিত এপ্লাই কৰিবি'।

২

কিন্তু মাষ্টাৰচেফৰ এটি খণ্ডত খোদ পিতৃয়েই নয়নক সমৰ্থন কৰিব গৈছিল। সেই বিশেষ দিনটিত নয়নজ্যোতিয়ে বনাইছিল আখুনি। ঘৰত আখুনি বনালেই পিতৃৰ পৰা গালি খাইছিল নয়নে কিন্তু তাত পুত্ৰই বনোৱা আখুনি খাই সন্তুষ্ট হৈছিল পিতৃ।

3

ছিজনটিৰ প্ৰথমৰ পৰাই নয়নে বিচাৰকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। যুৱপ্ৰজন্মৰ আদৰ্শ হৈ পৰিছে ২৬ বছৰীয়া নয়নজ্যোতি। 

উল্লেখ্য যে ফাইনেলত কেকোঁৰা, হাঁহ মাংস-কোমোৰাক এক নতুন ৰূপত উপস্থাপন কৰি গল্ডেন চেফকোট আৰু গল্ডেন ট্ৰফী আজুৰিবলৈ সক্ষম হ'ল নয়নজ্যোতি।

Category
Profile picture for user UB Photos