ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত থলুৱা অসমীয়া খাদ্য! পইতা ভাত, পোৰা মাছৰ পিটিকা, বিলাহী পোৰা, কঠাল-গুটি-খৰিচা, চুঙাত দিয়া মাংস আৰু কেটলি পিঠাৰ গোন্ধই মলমলালে মাষ্টাৰ চেফৰ কিটচেন।

Masterchef

ৰন্ধন প্ৰতিযোগীতাৰ ৰিয়েলিটি শ্ব' মাষ্টাৰচেফ ইণ্ডিয়া ২০২৩ৰ চলি আছে ফাইনেল। আজি সম্প্ৰচাৰিত হ'ব ছিজনটিৰ অন্তিমটি খণ্ড। আজি আনুষ্ঠানিকভাৱে ঘোষণা হ'ব মাষ্টাৰচেফ ইণ্ডিয়াৰ ২০২৩ৰ বিজেতা। এইবাৰ আমাৰ বাবে ব্যতিক্ৰম হৈছিল এই প্ৰতিযোগীতা কিয়নো এই ছিজনটোত হৈছিল আগত নোহোৱা ঘটনা। উল্লেখ্য যে মাষ্টাৰচেফ ইণ্ডিয়াৰ এইটো সপ্তমটো ছিজন কিন্তু দুখৰ বিষয় আছিল যে আগৰ কেইটা ছিজনত অসমৰ এজনো প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা নাছিল এই প্ৰতিযোগীতাত। প্ৰথমবাৰৰ বাবে তিনিজন অসম সন্তানে অংশগ্ৰহণ কৰিছিল মাষ্টাৰচেফ ইণ্ডিয়াত । তিনিচুকীয়াৰ নয়নজ্যোতি শইকীয়া, জাগীৰোডৰ শান্তা পৱন শৰ্মা আৰু গুৱাহাটীৰ নাজিয়া চুলতানাই এই প্ৰতিযোগীতাত অংশগ্ৰহণ কৰি অসমবাসীক গৌৰাৱান্বিত কৰি তুলিছিল। কিন্তু টপ ১০ তে সীমাৱদ্ধ  থাকিল নাজিয়া। সকলো প্ৰতিযোগীকে হৰুৱাই ফাইনেলত উপনীত হ'লগৈ নয়নজ্যোতি আৰু শান্তা।  নয়নজ্যোতি আৰু শান্তাই অসমীয়া খাদ্যক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলাবলৈ সদায় চেষ্টা কৰিছিল। ব্যতিক্ৰম নহল ফাইনেলতো। পদ্মশ্ৰী চেফ সঞ্জীৱ কাপুৰে মাষ্টাৰচেফৰ ফাইনেলত লৈ আনিছিল  আল্টিমেট চেলেঞ্জ। এই চেলেঞ্জৰ মতে তিনিগৰাকী ফাইনেলিষ্টে ৰান্ধিব লাগিব 3 কৰ্চ মিল। আৰু এইয়া হ'ব লাগিব তেওঁলোকৰ চিগনেচাৰ ডিচ। কালি সম্প্ৰচাৰিত হৈছিল গ্ৰাণ্ড ফাইনেলৰ প্ৰথমটি অংশ। জাগীৰোডৰ বোৱাৰী শান্তা পৱন শৰ্মাই ষ্টাৰ্টাৰত ৰান্ধিছিল চুঙা মাংস, মেইন কৰ্চত ৰান্ধিছিল পইতা ভাত, পোৰা মাছৰ পিটিকা, পোৰা বিলাহী চাটনি, কঠালগুটি-খৰিচা, বিলাহী চালাড আৰু ডেচাৰ্টত ৰান্ধিছিল অসমীয়াৰ আৱেগ কেটলি পিঠা। এই খাদ্য সমূহৰ নাম শুনি বিচাৰক সকল হৈ পৰিছিল অতিকৈ আনন্দিত। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এই সমূহ থলুৱা খাদ্য দেখি অসমবাসী হৈ পৰিছে গৌৰাৱান্বিত। উল্লেখ্য যে তিনি সপ্তাহ আগতেই মাষ্টাৰ চেফৰ বিজেতাৰ ফটো ভাইৰেল হৈ পৰিছিল। আৰু এই বিজেতা আন কোনো নহয়, অসমৰে সন্তান নয়নমনি শইকীয়াই দখল কৰিলে বিজেতাৰ খিতাপ। 
 

Category
Profile picture for user UB Photos