পুনৰ ৰাজ্যবাসীৰ মূৰত মাধমাৰ! ১০টকাকৈ বৃদ্ধি পাব বিদ্যুতৰ ফিক্সড চাৰ্জ

APDCL

অহা ১ এপ্ৰিলৰ পৰা ৰাজ্যত বৃদ্ধি হ'ব বিদ্যুতৰ ফিক্সড চাৰ্জ। এতিয়াৰে পৰা প্ৰতিজন বিভিন্ন শ্ৰেণীৰ বিদ্যুৎ গ্ৰাহকসকলে প্ৰতিমাহে প্ৰতি kw/kvত ফিক্সড চাৰ্জ হিচাপে ভৰিব লাগিব অতিৰিক্ত মাচুল ১০ টকাকৈ । অসম বিদ্যুৎ বিতৰণ কোম্পানীয়ে ৰাজহ বৃদ্ধিৰ স্বাৰ্থত কৰা প্ৰস্তাৱৰ ভিত্তিত অসম বিদ্যুত্‍ আয়োগে এই মাচুল বৃদ্ধিত অনুমোদন জনাইছে। বিদ্যুৎ গ্রাহকে পূর্বে ফিক্সড চাৰ্জৰ বাবদ প্ৰায় ১২০ টকা পৰিশোধ কৰি আহিছিল আৰু এতিয়াৰে পৰা প্ৰতি প্ৰতি kw/kvত ১০ টকাকৈ প্ৰায় ৪০টকা অতিৰিক্ত মাচুল আদায় দিব লাগিব।

Category