১০০ গৰাকী প্ৰভাৱশালী নেতাৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰী! হিমন্ত বিশ্ব শৰ্মাই দখল কৰিলে ১৭ তম স্থান।

CM

অসমবাসীলৈ ভাল খবৰ! ৰাষ্ট্ৰীয় দৈনিক The Indian Expressৰ জৰীপৰ দ্বাৰা ভাৰতৰ শীৰ্ষ ১০০ গৰাকী প্ৰভাৱশালী নেতাৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই স্থান লাভ কৰিছে। ১৭ তম স্থানত আছে মুখ্যমন্ত্ৰী গৰাকী।  ২০২২ চনত ৩২ তম স্থান লাভ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। 
মুখ্যমন্ত্ৰী গৰাকী  তালিকাখনত স্থান লাভ কৰা অসমৰ একমাত্ৰ ব্যক্তি। ইয়াৰ উপৰি, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আছে ১ নম্বৰ স্থানত। একে সময়তে, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আছে দ্বিতীয় স্থানত । ড০ হিমন্ত বিশ্ব শৰ্মা হৈছে অসমৰ পঞ্চদশ মুখ্যমন্ত্ৰী।সৰ্বানন্দ সোণোৱালৰ পিছত ২০২১ চনৰ ১০ মে’ত অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মা হৈছে ৰাজ্যৰ এক অন্যতম ৰণনীতিবদ। মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছৰে পৰা তেওঁ ৰাজ্যখনক প্ৰগতি আৰু সমৃদ্ধিৰ পথত প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

Category
Profile picture for user UB Photos