'পাপাই মোৰ কাৰণে চকলেট আনিব, পাপা কামত গৈছে, পাপালৈ বৰ মনত পৰি আছে' - কান্দি কান্দি ক'লে প্ৰাঞ্জল মৰাণৰ কণমানিটিয়ে

Justice

ন্যায় বিচাৰি হাহাকাৰ এগৰাকী মহিলাৰ। আৰক্ষী থানা  আৰু সংবাদ মাধ্যমৰ দুৱাৰে দুৱাৰে গৈ ন্যায়ৰ ভিক্ষা মাগিছে এগৰাকী মহিলাই। স্বামীৰ মৃতদেহৰ সন্ধান বিচাৰি হাহাকাৰ প্ৰাঞ্জল মৰাণৰ পত্নী উৰ্বশী মৰাণ।কয়লা খনিত কাম কৰিবলৈ গৈ সন্ধানহীন হৈছিল মহিলা গৰাকীৰ স্বামী প্ৰাঞ্জল মৰান। চলিত বৰ্ষৰ ৬ জানুৱাৰীত লিডু কয়লা খনিত কাম কৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল প্ৰাঞ্জল। কিন্তু ফেব্ৰুৱাৰীৰ ১ তাৰিখে লিডুৰ কয়লা খনিত দুজন লোক মৃত্যু হোৱাৰ বাতৰি প্ৰকাশৰ পিছত প্ৰাঞ্জলৰ খবৰ লৈছিল পৰিয়ালে। ২ ফেব্ৰুৱাৰীত কয়লা খনিৰ মানুহ প্ৰাঞ্জলৰ ঘৰত গৈ পত্নী উৰ্বশী মৰাণক পাঁচ লাখ টকা দিব বিচাৰিছিল প্ৰাঞ্জলৰ মৃত্যু সন্দৰ্ভত। কিন্তু প্ৰাঞ্জলৰ পত্নীয়ে লোৱা নাছিল সেই ধন। বৰং স্বামীক উলিয়াই দিবলৈ আহ্বান জনাইছিল উৰ্বশীয়ে। উপায়হীন হৈ স্বামীৰ মৃতদেহৰ সন্ধান বিচাৰি ডিজিপিৰ কাষ চাপিল  মহিলাগৰাকী। উল্লেখ্য যে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে IG NER ক ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে। দুৰ্ভগীয়া উৰ্বশীয়ে একমাত্ৰ পুত্ৰ সন্তানক লৈ বিচাৰিছে মাথো ন্যায়। দুৰ্ভাগ্যৰ বিষয় যে কণমানিটিয়ে এতিয়াও বুজি উঠা নাই যে তাৰ পিতৃ গুচি গ'ল কোনো দিনে নহা বাটেৰে। মৃত্যু কি সি এতিয়াও বুজাই নাই। মাত্ৰ জানে তাৰ দেউতাকে চাকৰি কৰিব গৈছে। কামৰ পৰা আহোতে চকলেট আৰু মিঠাই আনিব মৰমৰ দেউতাকে। আগৰ দৰেই কোলাত তুলি মৰম কৰিব দেউতাকে। 

এই কণমানিটি আৰু প্ৰাঞ্জলৰ পত্নীয়ে বাৰু ন্যায় পাবনে? বিচাৰি পাব নে প্ৰাঞ্জল মৰানৰ মৃতদেহ? উচিত তদন্ত হ'ব নে এই ঘটনাৰ?

Category
Profile picture for user UB Photos